নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পঞ্চতাৰকা হোটেল আৰু ৰিজ’ৰ্ট নির্মাণৰ ক্ষেত্রত পর্যটন বিভাগে সম্পন্ন এক বুজাবুজিৰ চুক্তি৷ ২,০০০ কোটিতকৈও অধিক ব্যয়সাপেক্ষে পর্যটকৰ সুবিধাৰ অর্থে অসমৰ বিভিন্ন স্থানত উপলব্ধ হোৱাকৈ নির্মাণ হ’ব পঞ্চতাৰকা, চতুর্থ তাৰকাযুক্ত হোটেল, ৰিজ’ৰ্ট, নৌকা বিহাৰকে ধৰি পর্যটকৰ নানা সা–সুবিধা৷ এডভাণ্টেজ আছাম ২.০ৰ দ্বিতীয় দিনা পর্যটন মন্ত্রী ৰঞ্জিত দাসৰ উপস্থিতিত দেশৰ বিভিন্ন আগশাৰীৰ হোটেল উদ্যোগীৰ লগত ৰাজ্য চৰকাৰৰ ১৫খনতকৈও অধিক বুজাবুজিৰ চুক্তি সম্পন্ন হয়৷ আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত পর্যটনৰ উৎকর্ষ সাধনৰ লক্ষ্যৰে আন দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷