বিটিচি ২০২০; এককভাৱে নির্বাচনত অৱতীর্ণ হ’ব বিজেপি
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ আগন্তুক বিটিচি নির্বাচনত ৰাজ্যিক বিজেপিয়ে আন কোনো দলৰ সৈতে মিত্রতা নকৰাকৈ এই নির্বাচনত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই কথা পুনৰ স্পষ্ট কৰিলে দলৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে৷
এক বিবৃতিত মুখ্য মুখপাত্রজনে কয়– বিভিন্ন সংবাদ মাধ্যমত যোৱা সময়ছোৱাত বিজেপিয়ে বি পি এফ, ইউ পি পি এল দলৰ লগত গোপন মিত্রতাত আবদ্ধ হৈছে বুলি প্রকাশ পাই আহিছে৷ কিন্তু বিজেপিয়ে এই বিষয়ত স্পষ্ট যে নির্বাচনত আমি অকলশৰে প্রতিদ্বন্দ্বিতা কৰিম৷ তেওঁ এই সন্দর্ভত এই কথাও উল্লেখ কৰে যে অগপ, বি পি এফৰ লগত বিগত লোকসভা নির্বাচন আৰু বিধানসভা নির্বাচনত কেন্দ্রীয় নেতৃত্বৰ অনুমোদনমর্মেহে মিত্রতাত আবদ্ধ হৈছিল দল৷
কিন্তু বিগত সময়ছোৱাত পঞ্চায়ত নির্বাচন, স্বায়ত্তশাসিত পৰিষদ বা নিগম–নিকায় নির্বাচনত বিজেপিয়ে অকলশৰে প্রতিদ্বন্দ্বিতা কৰি সফলতা লাভ কৰিছে৷ গতিকে বিটিচি নির্বাচনতো দলে অকলশৰে এইবাৰ সফল হ’ব পাৰিব৷ বিটিচি নির্বাচনৰ পূর্বে বিজেপিৰ প্রতি স্থানীয় জনতা আকর্ষিত হৈছে৷ কিয়নো বিটিচিৰ ৰাইজে এইবাৰ পৰিৱর্তন বিচাৰিছে৷ যাৰ বাবে বিভিন্ন পৰিষদীয় সমষ্টিত বিজেপিত বহু লোকে যোগদান কৰি আছে৷ একাংশ ৰাজনৈতিক দলৰ নেতা, সংগঠনৰ নেতা–কর্মীয়েও বিজেপিত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে৷ এনে সময়ত একাংশই বিটিচি নির্বাচনত বিজেপিয়ে আন দলৰ লগত মিত্রতা কৰা বুলি ভুৱা প্রচাৰ চলাই আছে৷ কিন্তু বিজেপিয়ে এই বিষয়ত স্পষ্ট যে এইবাৰ নির্বাচনত দলে অকলশৰেই প্রতিদ্বন্দ্বিতা কৰিব৷