২০২১ত কংগ্রেছ–ইউডিএফে একেলগে যুঁজিব বিধানসভা নির্বাচনত
নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে কংগ্রেছ–এ আই ইউ ডি এফৰ চূড়ান্ত হৈছে মিত্রতা৷ বিগত সময়ছোৱাত বদৰুদ্দিন আজমলৰ সৈতে কোনোধৰণৰ মিত্রতা নহয় বুলি কংগ্রেছৰ একাংশ শীর্ষ নেতাই সদম্ভে কৰি অহা ঘোষণাৰ মাজতে একেলগে নির্বাচনত যুঁজিবলৈ সাজু হৈছে দল দুটা৷ এই কথা স্পষ্ট কৰিলে বিৰোধী দলটোৰ অন্যতম দিক নির্ণায়ক তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা ইতিমধ্যে ৯০ শতাংশ চূড়ান্ত হৈছে৷ –এই মন্তব্য গগৈৰ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত প্রাক্তন মুখ্যমন্ত্রীজনে কয়– মিত্রতা ৯০ শতাংশ চূড়ান্ত হৈছে আৰু আন ১০ শতাংশ অচিৰেই চূড়ান্ত হ’ব৷ অকল এ আই ইউ ডি এফে নহয়, চি পি এম আৰু চি পি আইৰ লগতো এইবাৰ নির্বাচনত কংগ্রেছৰ মিত্রতা হ’ব৷
উল্লেখ্য যে বিজেপিক আগন্তুক নির্বাচনত ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে বিৰোধী শক্তিক একত্রিত কৰাৰ লক্ষ্যৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এ আই ইউ ডি এফ আৰু বাঁও দলৰ সৈতে মিত্রতা কৰাৰ পোষকতা কৰি আহিছে৷ ইয়াৰ বিপৰীতে কিন্তু এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ কোনো মিত্রতা নহয় বুলি সভাপতি ৰিপুণ বৰাৰ লগতে কংগ্রেছৰ একাংশ নেতাই দাবী তুলি আহিছে৷ আনকি সভাপতি ৰিপুণ বৰাই দলে এ আই ইউ ডি এফক বাদ দি আন সৰু আঞ্চলিক দল তথা ‘কা’বিৰোধী শক্তিসমূহক একত্রিত কৰি নির্বাচনত অৱতীর্ণ হোৱাৰ প্রচেষ্টা চলাই থকা বুলিও মন্তব্য প্রকাশ কৰি আহিছে৷ এনে স্থিতিৰ মাজতে আজি প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে বদৰুদ্দিন আজমলৰ দলৰ সৈতে মিত্রতা চূড়ান্ত হোৱা বুলি কৰা মন্তব্যই ৰাজনৈতিক মহলত বিশেষ প্রতিক্রিয়া সৃষ্টি কৰিছে৷ গগৈৰ মতে আগন্তুক নির্বাচনত অকলে চৰকাৰ গঠন কৰিব পৰাকৈ কোনো দলে জয়ী হ’ব নোৱাৰে৷ আনকি বিজেপিয়েও অকলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে৷ কংগ্রেছে চৰকাৰ গঠন কৰিবলৈ হ’লে আন দলৰ সৈতে মিত্রতা কৰিবই লাগিব৷
ইফালে, ৰাজ্যত নতুনকৈ দল গঠনৰ প্রস্তুতি আছু তথা সাংসদ অজিত কুমাৰ ভূঞাই আৰম্ভ কৰা প্রস্তুতি সন্দর্ভত গগৈয়ে কয়– এনেদৰে দুই–এখন আসন হয়তো দখল কৰিব পাৰে৷ কিন্তু বৃহৎ হাৰত বিজেপিৰ দখলত থকা অসম কাঢ়ি আনিব নোৱাৰে৷ বিশেষকৈ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক গণ মর্চা সন্দর্ভত তৰুণ গগৈয়ে কয় যে দলটো এতিয়াও ৰাইজৰ ওচৰলৈ যাব পৰা নাই৷ নির্বাচনত পৰিস্থিতি যথেষ্ট সলনি হ’ব৷ আনহাতে, আছুৱে এতিয়ালৈ দল গঠন কৰিবই পৰা নাই৷ এইবোৰৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হয়৷ এনে অৱস্থাত বিজেপিবিৰোধী সকলোৱে একত্রিত হ’লেহে সুফল পোৱা যাব৷ মন কৰিবলগীয়া যে কংগ্রেছে বিৰোধী শক্তিক একত্রিত কৰাৰ বাবে আহ্বান জনাই থকাৰ সময়তে সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাই কংগ্রেছৰ এনে আহ্বানৰ প্রতি তিলমাত্রাও সঁহাৰি দিয়া নাই৷ আনহাতে, আছুৰ বাবে মিত্রতাৰ দুৱাৰ কংগ্রেছে মুকলি কৰি ৰাখিছে যদিও এইক্ষেত্রত ছাত্র সংগঠনটোৱে কোনোধৰণৰ গুৰুত্ব দিয়া নাই৷ এনে পৰিস্থিতিত কংগ্রেছে আগন্তুক নির্বাচনত এ আই ইউ ডি এফ আৰু বাঁও দলৰ হাতত ধৰিয়েই দিছপুৰ দখলৰ পৰিকল্পনা কৰিছে৷ বিশেষকৈ বিগত লোকসভা নির্বাচনত বদৰুদ্দিন আজমলৰ সৈতে কৰা গোপন মিত্রতাৰ ফলতেই নগাঁও আৰু কলিয়াবৰ লোকসভা আসন দুখন দখল কৰিবলৈ সক্ষম হৈছিল কংগ্রেছে৷ লোকসভা নির্বাচনত লাভ কৰা এনে সুফলৰ দিশটোক আগত ৰাখিয়ে আগন্তুক বিধানসভা নির্বাচনত আগতীয়াকৈ এ আই ইউ ডি এফৰ সৈতে মিত্রতা চূড়ান্ত কৰাত উঠিপৰি লাগিছে বিৰোধী দলটোৱে৷ ইফালে, আগন্তুক নির্বাচনত কংগ্রেছক কোনে নেতৃত্ব দিব, তাক লৈ দলটোৰ ভিতৰত চলি থকা মতবিৰোধৰ মাজতে আজি তৰুণ গগৈয়ে স্পষ্ট কৰি দিয়ে যে বিধানসভা নির্বাচনত অকল সভাপতি ৰিপুণ বৰাই নেতৃত্ব নিদিয়ে, প্রাক্তন মুখ্যমন্ত্রী হিচাপে তেৱোঁ নেতৃত্ব দিব৷ তদুপৰি সাংসদ প্রদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰকিবুল হুছেইন, সুস্মিতা দেৱ সকলোৱে দলক নেতৃত্ব দিব৷
বিধানসভা নির্বাচনৰ প্রাকক্ষণত বিৰোধী শক্তিক একত্রিত কৰাৰ লক্ষ্যৰে কংগ্রেছে চলোৱা এনে তৎপৰতাৰ বিপৰীতে বিৰোধী শক্তিসমূহৰ মাজত আসন ভাগ–বাটোৱাৰা কি ধৰণে হ’ব, তাক লৈ সৃষ্টি হৈছে বিতর্ক৷ এই সন্দর্ভত গগৈৰ মন্তব্য– আসন ভাগ–বাটোৱাৰাক লৈ সমস্যা সৃষ্টি নহয়৷ কংগ্রেছৰ দখলত থকা আসনত কংগ্রেছে, এ আই ইউ ডি এফৰ দখলত থকা আসনত কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰিব৷ আন সমষ্টিত যি দলৰে সম্ভাৱনা বেছি, সেই দলকে প্রার্থিত্ব দিব পৰা যাব৷ গগৈয়ে ইয়াকো উল্লেখ কৰে যে এ আই ইউ ডি এফৰ বাহিৰে আন দলৰ সৈতে মিত্রতা গঢ়ি নুঠিলেও ইয়াৰ দ্বাৰা বিজেপিয়ে কোনো সুবিধা ল’ব নোৱাৰিব৷ কিয়নো বিজেপিবিৰোধী ভোট বিৰোধী শক্তিৰ মাজতে আবদ্ধ থাকিব৷ গতিকে ভোট বিভাজনৰ সম্ভাৱনা এইক্ষেত্রত নাথাকিব৷ উল্লেখ্য যে ‘কা’বিৰোধী শক্তিক একত্রিত কৰাৰ বাবে শেহতীয়াকৈ প্রদেশ কংগ্রেছ তথা সভাপতি ৰিপুণ বৰাই ৰাজ্যৰ আঞ্চলিক দলসমূহৰ লগতে আছুকো একে মঞ্চত আহিবলৈ আহ্বান জনাইছে যদিও এই আহ্বানক কোনোধৰণৰ গুৰুত্ব দিয়া নাই ‘কা’বিৰোধী শক্তিসমূহে৷ এনে ক্ষেত্রত এ আই ইউ ডি এফৰে মিত্রতাৰে কংগ্রেছে কিদৰে বিজেপিক প্রতিহত কৰে, সেয়া যথেষ্ট লক্ষণীয় হ’ব৷