নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত টিকট নাপাব বিজেপিৰ বহু বিধায়কেঃ জল্পনা–কল্পনাৰ মাজতেই নেডাৰ আহ্বায়ক ড০ শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ ২০২১ চনৰ বিধানসভা নির্বাচনত ১০+ আসন দখলেৰে পুনৰ ক্ষমতালৈ অহাৰ বাবে শাসকীয় বিজেপি দলে আৰম্ভ কৰা কুচকাৱাজৰ মাজতে প্রার্থিত্বক লৈও দলটোৰ মাজত চলিছে ব্যাপক তৎপৰতা৷ নির্বাচনলৈ ৭ মাহৰো কম সময় থকা অৱস্থাত গেৰুৱা দলটোৰ প্রার্থিত্ব বিচাৰি একাংশ সংগঠনৰ নেতাই আৰম্ভ কৰা প্রচেষ্টাৰ সমান্তৰালকৈ পুনৰ বিধায়ক হোৱাৰ সপোন লৈ আগন্তুক নির্বাচনত প্রার্থিত্ব নিশ্চিত কৰাৰ বাবেও নামি পৰিছে একাংশ বিজেপি বিধায়ক৷ দলটোৰ ভিতৰচ’ৰাত চলি থকা প্রার্থিত্বকেন্দ্রিক এনে তৎপৰতাৰ মাজতে অহা নির্বাচনত দলৰ একাংশ বিধায়কে দলীয় টিকট নাপাব বুলি স্পষ্ট কৰি দিলে জ্যেষ্ঠ মন্ত্রী তথা বিজেপিৰ অন্যতম শীর্ষ নীতি নির্ধাৰক তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ পূর্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পাৰদর্শিতা দেখুওৱা বিধায়কেহে অহা নির্বাচনত প্রার্থিত্ব পাব বুলি ঘোষণা কৰাৰ পিছত সোমবাৰে দলীয় টিকটৰ সন্দর্ভত আনুষ্ঠানিকভাৱে মন্ত্রী ড০ শর্মাই দলৰ বহু বিধায়কে প্রার্থিত্ব নাপাব বুলি স্পষ্ট কৰি দিয়ে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এক অনুষ্ঠানত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাৰ স্পষ্ট মন্তব্য– ‘বিজেপিৰ প্রার্থী এইবাৰ সলনি হ’ব৷ দলে কোনো ব্যক্তিৰ মুখলৈ চাই প্রার্থিত্ব নিদিয়ে৷ ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত প্রতিজন বিধায়কৰ কাম–কাজ সন্দর্ভত বিস্তৃত তথ্য থাকে৷ তাৰ পৰাই তেওঁলোকে প্রার্থী বাছনি কৰে৷ তেওঁলোকৰ সন্মুখত মোটামুটি এখন কিতাপ থাকে৷ আমাক মাত্র যিবোৰ সমষ্টিত দলৰ প্রার্থীৰ জয় ১০০ শতাংশ নিশ্চিত সেই সমষ্টিসমূহতহে প্রার্থী চূড়ান্ত কৰিব দিয়ে৷’ মন কৰিবলগীয়া যে লোকসভা নির্বাচনৰ সময়তো অসমৰ ৫জনকৈ সাংসদক প্রার্থিত্ব নিদি নতুন প্রার্থী বাছনি কৰা শাসকীয় দলটোৰ ৰাষ্ট্রীয় নেতৃত্বই এইবাৰো বহু সমষ্টিত প্রার্থিত্ব সলনি কৰাৰ ইংগিত ইতিমধ্যে ৰাজ্যিক বিজেপিক প্রদান কৰিছে৷ আনকি যোৱা জুন মাহত হৈ যোৱা ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই অসমৰ ১২৬ সমষ্টিৰ দলীয় স্থিতি সম্পর্কত সমীক্ষা চলাই ৰাজ্যিক নেতৃত্বক প্রতিবেদন দাখিলৰ নির্দেশ দিছিল৷ ৰাষ্ট্রীয় সভাপতিৰ নির্দেশৰ পিছতে ৰাজ্যিক বিজেপিয়ে ১২৬টা সমষ্টিতে বিধায়কৰ পাৰদর্শিতাৰ ওপৰত এক সমীক্ষা চলাইছিল৷ উক্ত সমীক্ষাৰ প্রতিবেদন ইতিমধ্যে কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত  কয়– যিবোৰ সমষ্টিত বিজেপি প্রার্থীৰ সৈতে অন্য দলৰ প্রার্থীৰ তীব্র যুঁজ হ’ব, তেনেধৰণৰ সমষ্টিৰ প্রার্থী ৰাষ্ট্রীয় নেতৃত্বই আগতীয়াকৈ ঠিক কৰে৷ মই কংগ্রেছ, বিজেপি দুয়ো দলৰ প্রার্থী বাছনি দেখিছোঁ৷ কংগ্রেছত যিকোনো প্রার্থীৰ নাম প্রস্তাৱ কৰিব পাৰে৷ কিন্তু বিজেপিৰ কনটেষ্ট হ’ব পৰা সমষ্টিৰ প্রার্থীৰ নাম ৰাষ্ট্রীয় নেতৃত্বই ঠিক কৰে৷ মই আমাৰ কার্যনির্বাহক বৈঠকতো কৈ দিছোঁ, টিকটৰ বাবে আমাৰ মুখলৈ চাই লাভ নাই৷ যিবোৰ সমষ্টিত ১০০ শতাংশ বিজেপিৰ প্রার্থী জয় হোৱাটো নিশ্চিত, তাতহে আমাক কাক প্রার্থিত্ব দিম সোধে৷ মন্ত্রী ড০ শর্মাই ইয়াকো কয়– প্রতিটো সমষ্টিতে প্রার্থী বাছনি বা জয়ৰ সম্ভাৱনাক লৈ সমীক্ষা চলোৱা হ’ব৷ দলত থকা প্রাক্তন সেনা বিষয়াৰ দ্বাৰা বা অন্য কোষৰ দ্বাৰা নির্বাচনৰ ৬ মাহ আগতে প্রতিটো সমষ্টিত সমীক্ষা চলাব৷ তদুপৰি ক’ল চেণ্টাৰৰ দ্বাৰা সমষ্টিৰ ভোটাৰৰ পৰা মতামত লয়, পেছাদাৰী প্রতিষ্ঠানৰ দ্বাৰা সমীক্ষা চলোৱা হয়৷ এজন বিধায়কে যে পুনৰ দলীয় টিকট পাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে৷ কিন্তু কথা হ’ল আমাৰ কামসমূহ আৰম্ভ হ’ব অক্টোবৰ–নৱেম্বৰৰ পৰা৷ এই ৬ মাহত যদি বিধায়কসকলে অৰুণোদয়ৰ কাম ভালকৈ কৰে, ৰাস্তা–ঘাট ভালকৈ বনায়, তেন্তে বেয়া এমএলএৰ পজিচনো ভাল হ’ব৷ এইটোৱে একমাত্র বিকল্প পথ৷ প্রার্থী সলনি অৱধাৰিতভাৱে হ’বই৷ মন কৰিবলগীয়া যে আগন্তুক নির্বাচনত জয়ৰ সম্ভাৱনা নেদেখি বহু বিজেপি বিধায়কে সমষ্টি সলনিৰ বাবে বিভিন্ন ধৰণে তৎপৰ হৈ পৰিছে৷ সমান্তৰালভাৱে একাংশ বিধায়কৰ প্রার্থিত্ব কর্তনৰ সম্ভাৱনা দেখি বহু জনগোষ্ঠীয় নেতা তথা একাংশ সংগঠনৰ নেতাই বিজেপিৰ প্রার্থিত্বৰ বাবে আৰম্ভ কৰিছে প্রচেষ্টা৷ এনে কুচকাৱাজৰ মাজতে মন্ত্রী ড০ শর্মাই কৰা মন্তব্যই সকলোৰে হিচাপ–নিকাচত আউল লগোৱাৰ সম্ভাৱনা অধিক৷ ইফালে অগপৰ দখলত থকা সমষ্টিৰ ক্ষেত্রত বিজেপিয়ে কি ব্যৱস্থা গ্রহণ কৰিব তাক লৈ চলি থকা চর্চাৰ বিপৰীতে মন্ত্রী ড০ শর্মাই আজি কয়– অগপৰ দখলত থকা সমষ্টিৰো সমীক্ষা চলিব৷ যদি অগপ সভাপতি অতুল বৰাৰ বোকাখাত সমষ্টিত পজিচন বেয়া, তেন্তে তেওঁক কোৱা হ’ব৷ আমাৰ কথা হ’ল ৬৫টা সমষ্টিত জয়ী হোৱাটো প্রথমে নিশ্চিত কৰি লোৱা হ’ব৷ ৬৫টা সমষ্টি নিশ্চিত হ’লে বাকীবোৰ সমষ্টিৰ কথা কৈ থাকিব৷ বাকী কাৰোবাৰ ত্যাগ, অগপ, মিত্রদল এইবোৰ পিছত হ’ব৷ মন্ত্রী ড০ শর্মাই  ইয়াকো নিশ্চিত কৰে যে এইবাৰ নির্বাচনত বিজেপিয়ে ১০০খন আসন পাব৷ তেওঁ কয়– লোকসভা নির্বাচনৰ ফলাফল আৰু উন্নয়নমূলক কাম তথা আঁচনি চাই আমি ১০০খন পাম৷ মই মিছন শব্দটো ব্যৱহাৰ কৰা নাই৷ মোৰ কাৰণে ১০০টা ছীট৷ এই ১০০খন আসনত মোৰ বন্ধু–বান্ধৱ বহু থাকিব৷ কাৰণ সকলো দলতে মোৰ বন্ধু–বান্ধৱ আছে, গতিকে ১০০জনক মই জিকাই দিম৷ কোন ক’ৰ পৰা জিকে ঠিক নাই৷ ৰাজ্যপালৰ ওচৰত গ’লে সকলোৱে গম পাব৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই সকলো সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্রী প্রার্থী বাছনিৰ ক্ষেত্রতো সিদ্ধান্ত ল’ব৷ যোৱা নির্বাচনৰ দুমাহ আগত আমাক মাতি নি মুখ্যমন্ত্রীৰ প্রার্থীৰ নাম ঘোষণা কৰিছিল৷ এইবাৰো হয়তো কৰিব৷ সেয়া সম্পূর্ণ শীর্ষ নেতৃত্বৰ সিদ্ধান্তৰ বিষয় বুলি অভিহিত কৰে জ্যেষ্ঠ মন্ত্রী ড০ শর্মাই৷

You might also like