নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪-২৫ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ মন্ত্ৰী ৰণোজ পেগুৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ উদ্যোগত নাৰেংগীৰ বোন্দাস্থিত কেন্দ্ৰীয় ভঁৰাল চৌহদত আয়োজিত এক অনুষ্ঠানত ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখ্য যে এইবেলি ‘ক’ শ্ৰেণীৰ পৰা ‘দ্বাদশ’ শ্ৰেণীলৈ ৫৪,৬৭,৭৩১ ছাত্ৰ-ছাত্ৰীৰ বাবে ৩,১৪,৭০,১২৯খন বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত ‘ক’ শ্ৰেণীৰ পৰা ‘অষ্টম’ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হৈছিল। কিন্তু বৰ্তমান নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিজা পুঁজিৰে বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবদ বিভাগে ৮০ কোটিকৈ টকা ব্যয় কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত উপস্থিতিৰ ভিত্তিত পাঠ্যপুথি, পোছাক আৰু মধ্যাহ্ন ভোজন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে তেওঁ উল্লেখ কৰে যে এইক্ষেত্ৰত আমাৰ শিক্ষা সেতু এপে বিভাগৰ দিব্য চকু হিচাপে কাম কৰি আহিছে আৰু আগলৈও কৰি যাব। মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে যিহেতু ৰাজ্য চৰকাৰে ষষ্ঠ আৰু সপ্তম শ্ৰেণীত ইংৰাজী মাধ্যমত বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দিষ্ট বিভাগ দুটাত প্ৰতিটো বিষয়বস্তু ইংৰাজীৰ লগতে মাতৃভাষাত অৰ্থাৎ দ্বিভাষিক ৰূপত পাঠ্যপুথি প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এই কথা জোৰ দি কয় যে বৰ্তমান সময়ত অসমে আন ৰাজ্যক অনুসৰণ কৰাৰ দিন উকলিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সকলো দিশতে নতুনত্ব আনি অসমখনক আগুৱাই লৈ যোৱাত দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে। আজিৰ এই অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, ছেবাৰ অধ্যক্ষ আৰ.চি. জৈন আৰু সৰ্বশিক্ষা অসমৰ মিছন সঞ্চালক ড০ ওম প্ৰকাশো উপস্থিত থাকে।
You might also like