নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ ২০২৪ চনৰ গুণোৎসৱ

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ২০২৪ বর্ষৰ গুণোৎসৱ অহা ৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব৷ অসম সর্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে এই কথা সদৰী কৰিছে৷ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ প্রথম পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ৰ গুণোৎসৱত ১০খন জিলা ক্রমে বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কার্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা–মানকাচৰ আৰু ওদালগুৰিক সামৰি লোৱা হ’ব৷ ৩ জানুৱাৰীত স্ব–মূল্যায়ন হোৱাৰ লগতে ৪, ৫ আৰু ৬ জানুৱাৰীত উক্ত জিলাকেইখনৰ শিক্ষানুষ্ঠানসমূহৰ বহিঃ মূল্যায়ন কৰা হ’ব৷ আনহাতে, ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ দ্বিতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব য’ত ১১খন জিলাক সামৰি লোৱা হ’ব৷ দ্বিতীয় পর্যায়ত সামৰি ল’বলগীয়া জিলাকেইখন হৈছে– বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া৷ এই জিলাকেইখনত ৯ জানুৱাৰীত স্ব–মূল্যায়ন আৰু ১০, ১১ তথা ১২ জানুৱাৰীত বহিঃমূল্যায়ন সম্পন্ন কৰা হ’ব৷ ৬ ফেব্রুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ তৃতীয় পর্যায়ৰ গুণোৎসৱ ১০খন জিলাত অনুষ্ঠিত হ’ব৷ নির্দেশনাত উল্লেখ কৰা অনুসৰি বঙাইগাঁও, দৰং, ডিব্রুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কার্বি আংলঙত তৃতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷ এই জিলাকেইখনৰ শিক্ষানুষ্ঠানত ৬ ফেব্রুৱাৰীত স্ব–মূল্যায়ন সম্পন্ন কৰা হ’ব৷ আনহাতে, ৭, ৮ আৰু ৯ ফেব্রুৱাৰীত বহিঃমূল্যায়ন কৰা হ’ব৷

You might also like