ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু-২০২৫ৰ দিন ঘোষণা, উদযাপন সমিতি গঠন
নিয়মীয়া বার্তা, ২৫ মাৰ্চঃ আৰম্ভ হ’ল ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাটবিহু ২০২৫ বৰ্ষৰ আনুষ্ঠানিক প্ৰস্তুতি। অহা ৯, ১০ আৰু ১১ মে’ত তিনিদিনীয়াকৈ উদযাপিত হ’ব অসমৰ লোকসংস্কৃতিত অনন্য স্থান দখল কৰা ঢকুৱাখনাবাসীৰ প্ৰাণৰ উৎসৱ ফাটবিহু। আহোম ৰাজত্বকালৰে পৰাই স্বকীয় পৰম্পৰা আৰু ধাৰাবাহিকতা অব্যাহত ৰাখি ২০২৫ বৰ্ষৰ ঐতিহাসিক ফাটবিহু উদযাপনৰ হেতু আজি ম’হঘুলি চাপৰিৰ ফাটবিহুৰ স্থায়ী বাকৰিত অনুষ্ঠিত হয় সাধাৰণ পৰিষদৰ এখন ৰাজহুৱা সভা। ডেৰ শতাধিক ফাটবিহু প্ৰেমী উপস্থিত থকা সভাখনত সভাপতিত্ব কৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।
📌 বিলাসীপাৰাৰ ৰাজপথত মহিলাক গুৰুলা গুৰুলকৈ প্ৰহাৰ। 📌 চুৰিৰ অভিযোগত মৰেল পুলিচিং।
সম্পাদক ভাস্কৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সাধাৰণ সভাত অহা ৯, ১০ আৰু ১১ মে’ত তিনিদিনীয়াকৈ ২০২৫ বর্ষৰ ফাটবিহু মহোৎসৱ উদযাপন কৰিবলৈ সভাই নিতুল (ৰাজা) বৰুৱাক সভাপতি, হিতেশ ফুকনক সম্পাদক, মনিকা পাতিৰ, গুৰুগোবিন্দ দাস, গোবিন বৰুৱা আদিক উপ-সভাপতি, মিনু বৰা, পলাশ কোঁৱৰ, বিষ্ণু শইকীয়াক সহকাৰী সম্পাদক, ৰাজেশ দলেক কোষাধ্যক্ষ হিচাবে লৈ ৭২ জনীয়া এখন উদযাপন সমিতি গঠন কৰা হয়। ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক ফাটবিহুপ্ৰেমী ৰাইজ উপস্থিত থকা সাধাৰণ পৰিষদৰ সভাতেই সম্পাদক ভাস্কৰ দাসে ২০২২-২৩ আৰু ২০২৪ বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। ইয়াৰ পাছতে ফাটবিহু সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত সমিতিখনে পদত্যাগ কৰাৰ পাছত এখন নতুন ফাটবিহু সমিতি গঠনৰ সভা অনুষ্ঠিত হয়। এই সভাতে সৰ্বসন্মতিক্ৰমে পুনৰ বসন্ত শইকীয়াৰ নেতৃত্বত পুৰণা সমিতিখনকে অহা তিনি বছৰৰ বাবে বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
প্ৰেৰক পুলকজ্যোতি বৰা