অৱসৰপ্রাপ্ত বিষয়াৰ পৰা ২১ লাখ লুট এছআইৰ
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষীয়েই ডকাইতিত লিপ্ত হোৱা ঘটনা ঘটিল মহানগৰীত৷ একাংশ আৰক্ষী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰেৰে ভয়–ভাবুকিৰে বহু লোকৰ পৰা ধন সংগ্রহ কৰি অহাৰ অভিযোগ প্রায়েই উত্থাপন হৈ আহিছে৷ এই অভিযোগৰ সত্যতা প্রমাণিত কৰি গুৱাহাটীৰ বেলতলাত বশিষ্ঠ থানাৰ উপ–পৰিদর্শক ভাস্কৰজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডকাইতি কাণ্ড সংঘটিত কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷
ইতিমধ্যে ভুক্তভোগী ৰমণীকান্ত কলিতাই এই ডকাইতিৰ ঘটনা সন্দর্ভত মহানগৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাক এছ আই ভাস্কৰজ্যোতি নাথৰ বিৰুদ্ধে গোচৰ দিছে৷ ভুক্তভোগী ৰমণীকান্ত কলিতাই এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা ৭ ছেপ্ঢেম্বৰৰ নিশা প্রায় ৯ বজাত ভাস্কৰজ্যোতি নাথৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে শুভম লজত অতর্কিতে প্রৱেশ কৰি পিষ্টল দেখুৱাই ৰমণীকান্ত কলিতাৰ বাসগৃহৰ গডৰেজ, আলমাৰি খুলি ২১ লাখ ৬৫ হাজাৰ ৫৫০ টকা লুট কৰি নিয়াৰ লগতে তেওঁৰ ব্যক্তিগত বাহনখনো জব্দ কৰে৷ আৰক্ষীৰ দলটোৱে কলিতাৰ লগতে তেওঁৰ ঘৰলৈ অহা ভাস্কৰজ্যোতি শালৈ আৰু বিশ্বজিৎ দাস নামৰ দুগৰাকী আলহীকো আটক কৰি থানালৈ আনে৷
অভিযোগ মতে, বশিষ্ঠ থানাত ভাস্কৰজ্যোতি নাথে তিনিওকে দুর্ব্যৱহাৰ কৰাৰ লগতে অশ্লীল গালি–গালাজ কৰি ভুৱা গোচৰত গ্রেপ্তাৰ কৰাৰ ভাবুকি দিয়ে৷ ৮ ছেপ্ঢেম্বৰৰ বিয়লি ৪ বজাত ভাস্কৰজ্যোতি নাথৰ সৈতে আন দুজনকো আৰক্ষীয়ে মুকলি কৰি দিয়ে৷ কিন্তু উপ–পৰিদর্শক ভাস্কৰজ্যোতি নাথে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৬,৬৫,৫৫০ টকাহে তেওঁৰ ঘৰৰ পৰা জব্দ কৰা বুলি চিজাৰ লিষ্ট জমা দিয়ে৷ এই কথা জানিব পাৰি ৰমণীকান্ত কলিতা হতভম্ব হৈ পৰে৷
উল্লেখ্য যে বেলতলাৰ শুভম লজত অভিযান চলাই জুৱা খেলি থকাৰ সময়ত হাতে–লোটে ৰমণী কলিতা, বিশ্বজিৎ দাস আৰু ভাস্কৰজ্যোতি শালৈ নামৰ লোককেইজনক ইউৰোপিয়ান প’কাৰ কার্ড, জুৱা খেলত ব্যৱহাৰ কৰা ট’কেন আৰু নগদ ৬,৬৫,৫৫০ টকা উদ্ধাৰ কৰা বুলি ঘটনাৰ দিনা এছ আই নাথে সংবাদ মাধ্যমক জানিবলৈ দিছিল৷ ইয়াৰ উপৰি উক্ত দিনাই শুভম লজৰ পৰা আন্তঃৰাজ্যিক গাড়ীচোৰ চক্রৰ লগত জড়িত তিনিজন লোকক গ্রেপ্তাৰ কৰাৰ কথা উপ–পৰিদর্শক ভাস্কৰজ্যোতি নাথে সদৰী কৰি এয়া বশিষ্ঠ আৰক্ষীৰ বাবে বৃহৎ সাফল্য বুলি মন্তব্য কৰিছিল৷ কিন্তু ৰহস্যজনকভাৱে উপ–পৰিদর্শক ভাস্কৰজ্যোতি নাথে জুৱাৰীকেইটাক মুকলি কৰি দি গাড়ীচোৰ চক্রটোৰ তিনি সদস্যক আৰক্ষীৰ জিম্মাত লয়৷ হাতে–লোটে আটক কৰা তিনি জুৱাৰীক এৰি দিয়াৰ পাছতে মোটা অংকৰ ধনৰ লেনদেন হোৱা বুলি সর্বত্র চর্চা চলিছিল৷ ‘নিয়মীয়া বার্তা’ কাকততো উৎকোচ লৈ বশিষ্ঠ আৰক্ষীয়ে জুৱাৰীক এৰি দিয়াৰ বাতৰি প্রকাশ পাইছিল৷ ৰমণীকান্ত কলিতাৰ গোচৰৰ পাছত এতিয়া স্পষ্ট হৈ পৰিছে যে কলিতাৰ বাসগৃহৰ পৰা বশিষ্ঠ আৰক্ষীয়ে ২১,৬৫,৫৫০ টকা ডকাইতি কৰি সমগ্র ঘটনাটো অন্য ৰূপ দিছিল৷ ক্ষমতাৰ অপব্যৱহাৰেৰে উপ–পৰিদর্শক ভাস্কৰজ্যোতি নাথে ১৫ লাখ টকা আত্মসাৎ কৰা ঘটনাই অসম আৰক্ষীৰ ভিতৰচ’ৰাতো তীব্র জোকাৰণি সৃষ্টি কৰিছে৷
ইফালে, ভুক্তভোগী ৰমণীকান্ত কলিতাই জানিবলৈ দিয়া মতে, উক্ত দিনা ভাস্কৰজ্যোতি নাথৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ডকাইতি কৰা টকাখিনি তেওঁ পত্নীৰ চিকিৎসাৰ বাবে মাটি বিক্রী কৰি জমা কৰিছিল৷ ভুক্তভোগী ৰমণীকান্ত কলিতাই আৰক্ষী আয়ুক্তক মাটি বিক্রী কৰাৰ নথি–পত্র, বেংকৰ পাছবুক, পত্নীৰ চিকিৎসাৰ প্রেছক্রিপচনকে ধৰি অন্যান্য নথি–পত্র আৰক্ষী আয়ুক্তক প্রমাণ হিচাপে জমা দিছে৷ বশিষ্ঠ থানাৰ উপ–পৰিদর্শক ভাস্কৰজ্যোতি নাথৰ নেতৃত্বত সংঘটিত এই ডকাইতিৰ ঘটনাৰ তদন্ত উচ্চপদস্থ আৰক্ষী বিষয়াই কিদৰে কৰে সেয়া লক্ষণীয় হ’ব৷ উল্লেখ্য যে বিগত বর্ষৰ জুলাই মাহত হাতীগাঁও থানাৰ উপ–পৰিদর্শক জন পাথৰি, প্রাঞ্জল বৰা, দিছপুৰ থানাৰ গৃহৰক্ষী জোৱান বিপুল হাজৰিকাই মিজোৰামৰ এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা ডকাইতি কৰিছিল৷
আনহাতে, গুৱাহাটীৰ ৰে’লৱে আৰক্ষী থানাৰ উপ–পৰিদর্শক শ্রৱণ কুমাৰ ঝাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এজন ব্যৱসায়ীৰ পৰা ১ কিলোগ্রাম সোণ ডকাইতি কৰিছিল৷ ব্যৱসায়ীৰ গোচৰৰ ভিত্তিত শ্রৱণ কুমাৰ ঝাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ ইফালে অভিযুক্ত উপ–পৰিদর্শক ভাস্কৰজ্যোতি নাথক কালি তৎকালে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে মহানগৰ আৰক্ষী আয়ুক্ত মুন্নপ্রসাদ গুপ্তাই৷