নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংখ্যালঘু কল্যাণ বিভাগত নিৰ্মাণ চলি আছে ২১ আৱাসী আদৰ্শ বিদ্যালয়ৰ : মন্ত্ৰী পীয়ূষ

👉দিহিং পাটকাই বনাঞ্চলৰ সুৰক্ষাৰ দিশত অধিক গুৰুত্ব দিছে ৰাজ্য চৰকাৰে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ আজি অসম বিধানসভাৰ বাজেট অধিৱেশনত কেইবাটাও বিভাগৰ হৈ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে প্ৰশ্নৰ উত্তৰত বক্তব্য ৰাখে মন্ত্ৰী পীযুষ হাজৰীকাই। অসমত সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ অধীনত একোখন বিদ্যালয়ৰ ৩০-৩৫ কোটি নিৰ্মাণ মূল্যৰে ২১খন আৱাসী আদৰ্শ বিদ্যালয়ৰ কাম চলি থকাৰ কথা সদনত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ প্ৰকাশ কৰে যে বিভাগটোৰ অধীনত এটাত প্ৰায় ডেৰ কোটি টকা পুঁজিৰে ৪৬টা সদ্ভাৱনা ভৱনৰ নিৰ্মাণৰ কাম চলি আছে। এটাত ১ কোটি ৪০ লাখ টকাৰে ৩২টা কমন চাৰ্ভিছ চেণ্টাৰৰ কাম চলি আছে ৰাজ্যত। ৩৫ লাখ টকাকৈ ১০টা মাৰ্কেট ছেটৰ কাম চলি আছে ৰাজ্যত। ৭৪৪খন বিদ্যালয়ত ২ লাখ ৪২ হাজাৰ টকাৰে ২টাকৈ ইউনিটেৰে ডিজিটেল ক্লাছৰুমৰ কাম বৰ্তমানে ৰাজ্যত চলি আছে। বৰ্তমানে চাৰে চৈধ্য হাজাৰখন আঁচনিৰ কাম চলি থকাৰ তথ্য সদনত প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই। অন্য এটা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে দিহিং পাটকাই বনাঞ্চলত বন বিভাগৰ ৪জন বিষয়া আৰু ৭৩জন বন সুৰক্ষা কৰ্মী ইতিমধ্যে মোতায়েন কৰা হৈছে। লগতে ৩৭জন বন সুৰক্ষা বাহিনীৰ জোৱান আৰু ১৬জন নিৰ্ধাৰিত বেতনভোগী নিয়োজিত হৈ আছে দিহিং পাটকাই বনাঞ্চলত। ২০২৩ চনত নৱনিযুক্ত ৭৪জন বন কৰ্মচাৰী এই উদ্যানৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হৈছে। ২০২৪ চনৰ জানুৱাৰী মাহত ১৬জন নিৰ্ধাৰিত বেতনভোগীক নিযুক্তি দিয়া হৈছে। এই সময়ছোৱাত ৰাজ্যৰ বন বিভাগে ১২৬০গৰাকী বন সুৰক্ষা কৰ্মী আৰু ২৬১গৰাকী বন বিষয়াক নিযুক্তি প্ৰদান কৰিছে। লগতে দিহিং পাটকাই বনাঞ্চলৰ সুৰক্ষাৰ বাবে আৰু যদি বেটেলিয়ন আৰু বন সুৰক্ষা কৰ্মীক নিযুক্তি দিব লাগে বুলি বিভাগে কয় তেন্তে আৰু তেনে কৰ্মী দিব পৰা যাব বুলি সদনত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যত হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকক ৰাজ্য চৰকাৰে প্ৰদান কৰা ক্ষতিপূৰণৰ কিছু তথ্য সদনত দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। যিসকল ব্যক্তিয়ে ক্ষতিপূৰণ এতিয়ালৈকে লাভ কৰা নাই সেইসকল ব্যক্তিকো ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অধিক তৎপৰতাৰে কাম কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই।

You might also like