পেলনীয়া ইলেক্ট্ৰনিকছ সামগ্ৰীৰে মুখ্যমন্ত্ৰী ড০ শৰ্মা, অক্ষয় কুমাৰৰ প্ৰতিকৃতি
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ অসমৰ ধুবুৰী জিলাৰ এজন ২১ বছৰীয়া যুৱক ৰাহুল পাৰেকে ইলেক্ট্ৰনিক আৱৰ্জনা সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছে বিভিন্ন প্ৰতিকৃতি। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ দৰে চেলিব্ৰেটিৰ প্ৰতিকৃতি ইলেক্ট্ৰনিক আৱৰ্জনা সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছে ধুবুৰীৰ এই যুৱকজনে।
উল্লেখ্য যে তেওঁ ভঙা কেলকুলেটৰ, মহ মৰা ৰেকেট, পেলনীয়া লেম্প, নিষ্ক্ৰিয় মাডাৰবোৰ্ড, এলইডি লাইট, ডিচপোজেবল প্লেট, আনকি পুৰণি ৰেডিঅ’ ব্যৱহাৰ কৰি তৈয়াৰ কৰে এইসমূহ প্ৰতিকৃতি।
ইপিনে কিছুদিন পূৰ্বে পাৰেকে ক্ৰিকেটাৰ বিৰাট কোহলীক সাক্ষাৎ কৰি তেওঁৰ এখন প্ৰতিকৃতি উপহাৰো দিছিল।
এই সন্দৰ্ভত পাৰেকে কয়-“মই ইলেক্ট্ৰনিক্স আৱৰ্জনাৰ ওপৰত সজাগতা সৃষ্টি কৰিব বিচাৰোঁ। মই মোৰ আদৰ্শৰ প্ৰতিকৃতি তৈয়াৰ কৰোঁ, যিয়ে মোক অনুপ্ৰাণিত কৰিছে। মই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি আছো।”
Rahul Pareek, a 21-year-old artist from Assam’s Dhubri dist makes portraits by using electronic waste materials
“I want to create awareness on electronics waste. I make portraits of my role models who have inspired me. I’m also planning to make a portrait of PM Modi,” he says pic.twitter.com/zP23WE4A2c
— ANI (@ANI) March 20, 2022