মাজবাট আৰক্ষীৰ অভিযানত ২১৯ কেজি ভাং জব্দ
নিয়মীয়া বাৰ্তা, ২১ মে’ : মাজবাটত দুই কুইন্টলৰো অধিক ভাংসহ আৰক্ষীৰ জালত পৰে দুই ভাং সৰবৰাহকাৰী। ১৯ আৰু ২০ মে’ৰ নিশা মাজবাট আৰক্ষীয়ে পুনৰ দুটাকৈ পৃথকে পৃথকে অভিযান চলায় ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে। ২১৯ কেজি ভাংসহ দুজন ভাং সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে এক সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, লালপানী আৰক্ষী চকীৰ আই চি প্ৰণৱ বৰুৱা, এছ আই চিত্ৰনীল দাসৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত এলেকাৰ বনগাঁও গোচেনপুৰ বালিসুতিৰ নিকতৱৰ্তী জংঘলত ভাঙৰ সন্ধানত অভিযান চলায়। এই অভিযানত জংঘলত মজুত কৰি থোৱা ৯৮ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে ২০ মে’ৰ নিশা পুনৰ অভিযান চলাই ৰৌতা নদীৰ কাষৰীয়া অঞ্চল নাহেৰুৱা জংগলৰ পৰা ১২১ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। এই অভিযানত আৰক্ষীয়ে দুজন ভাং সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়। পিছত ভাংসহ দুয়োজনকে মাজবাট থানালৈ লৈ অনা হয়। ধৃত লোক দুজনক মাজবাট থানা এলেকাৰ হাজুগুৰিৰ চিজয় মুছাহাৰী (২৯) আৰু হাতীমাৰা ৰৌতা গাঁৱৰ ৰবী গোঁড় (৪০) বুলি জানিব পৰা গৈছে। জব্দকৃত ভাংখিনিৰ আন্তঃজাৰ্তিক বজাৰ মূল্য প্ৰায় ২১ লাখ টকা হ’ব বুলি মাজবাট আৰক্ষীয়ে জানিবলৈ দিয়ে।
প্ৰেৰক ধীৰেন মহলীয়া