নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে আজি নগৰবেৰা ৰাজহ চক্ৰৰ অধীনস্থ গাঁওসমূহৰ মন্দিৰ, নামঘৰ, সত্ৰ আদিক সামৰি মুঠ ২২টাকৈ ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতিখনলৈ ডেৰ লাখ টকাৰ বেংক চেক বিতৰণ কৰা হয়। নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ সঞ্চালনাত আয়োজিত এই চেক বিতৰণ কাৰ্যসূচীত ৰাজহ চক্ৰ বিষয়াগৰাকীক সহযোগ কৰে নগৰবেৰা মণ্ডল বিজেপিৰ সম্পাদক গিৰিৰাজ তিমচিনাই।উল্লেখ্য যে ইয়াৰ পূৰ্বেও প্ৰতিষ্ঠানসমূহলৈ প্ৰথম কিস্তিৰ ধন মোকলাই দিয়া হৈছিল। আজি দ্বিতীয় পৰ্যায়ত এই বেংক চেকসমূহ বিতৰণ কৰা হয়। অনুষ্টুপীয়াকৈ আয়োজিত এক সভাত সংশ্লিষ্ট গাঁওসমূহৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি ভালেসংখ্যক লোক উপস্থিত থাকে আৰু ধৰ্মীয় অনুষ্ঠানলৈ ধন আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় প্ৰতিজনেই।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস