নিয়মীয়া বাৰ্তা, ১৫ মার্চ : মেলামুখিতাৰ পৰিৱর্তে পঠন, মন্থন আৰু নির্মাণৰ অতুল্য বাতাৱৰণ গঢ়ি তোলাৰ সমান্তৰালকৈ সুস্থ-সবল আৰু পৰিশীলিত বৌদ্ধিক পৰিমণ্ডল সৃষ্টিৰে অসমীয়া সাহিত্যক বিশ্বমুখী কৰাৰ প্রয়াসেৰে যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ‘প্রথম যোৰহাট সাহিত্য উৎসৱ-২৪’ আয়োজন কৰা হৈছে। যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত আৰু বহুকেইটা অনুষ্ঠানৰ সহযোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্রেক্ষাগৃহত অহা ২৩-২৪ মার্চত অনুষ্ঠিতব্য ‘প্রথম যোৰহাট সাহিত্য উৎসৱ-২৪’ত ৰাষ্ট্রীয়-আন্ত:ৰাষ্ট্রীয় খ্যাতিসম্পন্ন লেখক, যশস্বী সাংবাদিক অৰূপ কুমাৰ দত্ত, বিশিষ্ট সাহিত্য-সমালোচক ড০ আনন্দ বৰমুদৈকে ধৰি বহু প্রতিষ্ঠিত কবি, সাহিত্যিকে অংশগ্ৰহণ কৰিব বুলি এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে উদ্যোক্তাসকলে জানিবলৈ দিছে। সাহিত্য উৎসৱৰ এটা দিন শিশুসকলৰ মানসিক-বৌদ্ধিক বিকাশৰ বাবে উচর্গা কৰা হ’ব । তদুপৰি গ্ৰন্থ উন্মোচন, স্মৃতিগ্ৰন্থ উন্মোচন, কবিতাৰ পঠন আৰু পর্যালোচনা, বক্তৃতানুষ্ঠান, গল্প পাঠৰ লগতে সাধুকোৱা, কবিতা আৰু প্রবন্ধ প্রতিযোগিতা আদি কেইবাটাও কার্যসূচী অনুষ্ঠিত হ’ব বুলি যোৰহাট সাহিত্য মঞ্চৰ কার্যকৰী সভাপতি চফল কুমাৰ খাউণ্ড, সম্পাদক দিগন্ত বৰুৱাই জনাইছে । কার্যসূচী অনুসৰি ২৩ মার্চত পুৱা ৯-৪০ বজাৰ পৰা যোৰহাট সাহিত্য মঞ্চৰ সভাপতি, বিশিষ্ট লেখক হেমচন্দ্র শইকীয়াৰ সঞ্চালনাত উদ্বোধনী অনুষ্ঠান আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্রদানৰ লগতে ‘অন্যযুগ বক্তৃতানুষ্ঠান’ অনুষ্ঠিত হ’ব। অনুষ্ঠানটিত জনপ্রিয় বিজ্ঞান লেখক তথা বিশিষ্ট বিজ্ঞানী ড০ দীনেশ চন্দ্র গোস্বামী, বিশিষ্ট কবি-ঔপন্যাসিক-অনুবাদক ড০ প্রাণজিৎ বৰা, বিশিষ্ট লেখক -গৱেষক ড০ ৰক্তিম ৰঞ্জন শইকীয়া কবি-সমালোচক-ঔপন্যাসিক ড০ মৃদুল শর্মা ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ১১ বজাৰ পৰা বাল্য ভৱনৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা দত্তৰ সোঁৱৰণত দুটা শাখাত অনুষ্ঠিতব্য সাধুকোৱা প্রতিযোগিতাত সাহিত্য অকাদেমি বঁটা প্রাপক শিশু-সাহিত্যিক শান্তনু তামূলী, অসম শিশু সাহিত্য ন্যাসৰ বঁটা প্রাপক বিশিষ্ট লেখক অনন্ত কুমাৰ শর্মা উপস্থিত থাকিব। ৩-৩০ বজাৰ বিশিষ্ট সাহিত্যিক বিনন্দ চন্দ্র বৰুৱাৰ সোঁৱৰণত কবিতাৰ পঠন আৰু পর্যালোচনা শীর্ষক এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্য- সমালোচক ক্রমে ড০ আনন্দ বৰমুদৈ আৰু প্রভাত বৰা,প্রতিষ্ঠিত কবি পংকজ গোবিন্দ মেধি, প্রণৱ কুমাৰ বর্মন, অজিৎ গগৈ, ৰণজিৎ গগৈ, দীপক নাথ, ৰজনী কান্ত বৰদলৈ, অংকুৰ বৰগোহাঞিকে ধৰি অসমৰ বহুকেইগৰাকী জনপ্রিয় কবিৰ কবিতা পাঠ আৰু অনুষ্ঠানত বিশিষ্ট অনুবাদক ড০ বিনোদ কুমাৰ গগৈ, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ড০ পৰাণ বৰুৱা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানতে অসম সাহিত্য সভাৰ প্রাক্তন উপ সভাপতি প্রহ্লাদ চন্দ্র তাছাই স্মৃতিগ্ৰন্থ দীপাধাৰ উন্মোচন কৰিব । দ্বিতীয় দিনা অর্থাৎ ২৪ মার্চৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা ‘সাহিত্য সৃষ্টি আৰু নেপথ্যৰ কিছু প্রসংগ’ শীর্ষক ব্যতিক্রমী অনুষ্ঠানত সমল ব্যক্তিহিচাপে যশস্বী গল্পকাৰ শিৱানন্দ কাকতি, বিশিষ্ট সাহিত্য সমালোচক ৰমানন্দন বৰা আৰু ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি উপস্থিত থাকিব। ২৪ মার্চৰ বিয়লি ১-৩০ বজাৰ পৰা চিন্তাশীল লেখক ইন্দ্রজিৎ কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব লগা বক্তৃতানুষ্ঠানত বক্তৃতা প্রদান কৰিব ৰাষ্ট্রীয় তথা আন্ত:ৰাষ্ট্রীয় খ্যাতিসম্পন্ন যশস্বী লেখক, সাংবাদিক অৰূপ কুমাৰ দত্তই। বিয়লি ৪ বজাৰ পৰা গল্পপাঠ আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। সামৰণি অনুষ্ঠান ৰাজ্যিকভিত্তিত আয়োজিত বুদ্ধীন্দ্রনাথ বৰঠাকুৰ প্রাইজমানি প্রবন্ধ আৰু যোগেন্দ্রনাথ বৰুৱাৰ সোঁৱৰণত অনুষ্ঠিত প্রাইজমানি কবিতা প্রতিযোগিতা বিজয়ীসকলৰ লগতে সাধুকোৱা প্রতিযোগিতাৰ বিজয়ীসকলক বঁটা প্রদান আৰু সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানতে অসমৰ দুগৰাকী লেখকক যোৰহাট সাহিত্য উৎসৱ-২০২৪ বঁটা প্ৰদান কৰা হ’ব।
প্ৰেৰক নৱজ্যোতি তামুলী