ৰাজ্যৰ ২৩.৭ শতাংশ লোক আক্রান্ত হৈছিল ক’ভিড–১৯ত
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে মহামাৰী ক’ৰোনাৰ সন্ত্রাস৷ শেহতীয়াকৈ কিছু পৰিমাণে ক’ভিড–১৯ৰ সংক্রমণ হ্রাস পাইছে যদিও নিতৌ কেইবাশ লোক এতিয়াও আক্রান্ত হৈ আছে৷ ইয়াৰ মাজতে এক গুৰুত্বপূর্ণ তথ্য লাভ কৰা হৈছে সৃজন অসম নামৰ এটা সংস্থা আৰু মেডিচিটী গুৱাহাটী গ্রুপৰ সমীক্ষাত৷
সেই অনুসৰি যোৱা আগষ্ট মাহৰ মাজভাগলৈ ৰাজ্যত ২৩.৫ শতাংশ লোক আক্রান্ত হৈছিল ক’ৰোনাত৷ সমীক্ষাত প্রকাশ পোৱা অনুসৰি আগষ্ট মাহৰ মাজভাগলৈ ৰাজ্যৰ প্রতি ৫জন লোকৰ এজন আক্রান্ত হৈছিল ক’ভিড–১৯ত৷ যোৱা ২৩ আগষ্টৰ পৰা ২৬ ছেপ্ঢেম্বৰলৈ এই সমীক্ষা কৰা হৈছিল৷ এই সময়ছোৱাত ২,৩৯০টা নমুনা সংগ্রহ কৰা হৈছিল৷ সমীক্ষাটোলৈ সমর্থন আগবঢ়াইছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউচনেল এথিক কমিটীয়ে৷ ইতিমধ্যে সমীক্ষাৰ ফলাফল ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমকো প্রদান কৰা হৈছে৷
উল্লেখ্য যে এই ছেৰ’লজী সমীক্ষাত ৰাজ্যৰ জিলাসমূহ তিনিটা শাখাত বিভক্ত কৰা হৈছে৷ আক্রান্তৰ হাৰ সর্বাধিক, মধ্যমীয়া আৰু নিম্ন–এই তিনিটা ভাগত বিভক্ত কৰি নমুনাসমূহ সংগ্রহ কৰা হৈছিল৷ ছেৰ’লজী সমীক্ষাত অংশগ্রহণ কৰা লোকসকলৰ আই জি জি এণ্টিবডী পৰীক্ষাত চি এল আই এ পদ্ধতিৰে সম্পন্ন কৰা হৈছিল৷