নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ পৰা ভোকে-লঘোনে অসম অভিমুখী পদ যাত্রা ২৩জনীয়া দলৰ

মহিলা–যুৱক–যুৱতী ২৩জনীয়া দল

নিয়মীয়া বাৰ্তা, ১৬ মে’ : লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ থাকি দুর্বিষহ জীৱন কটাবলগীয়া হোৱা অসমৰো বহু শ্রমিকে পদব্রজেই ৰাওনা হৈছে গৃহাভিমুখে ৷ শেহতীয়াকৈ উত্তৰ প্রদেশৰ পৰা খোজকাঢ়ি ১৫০ কিলোমিটাৰ অতিক্রম কৰা অসমৰ এটা ২৩জনীয়া দলৰ বিষয়ে জানিব পৰা গৈছে ৷ এই দলটোত আছে ৭গৰাকীকৈ মহিলা আৰু যুৱতী ৷ তেওঁলোক উত্তৰ প্রদেশৰ কছগঞ্জ নামৰ ঠাইৰ এটা প্রতিষ্ঠানত কর্মৰত আছিল ৷ সেই প্রতিষ্ঠাটোৰ নাম হৈছে গ্লেজ ট্রেডিং ইণ্ডিয়া প্রাইভেট লিমিটেড৷ প্রতিষ্ঠানটোৰ শাখা হৈছে মেছার্ছ তাৰা এণ্টাৰপ্রাইজ৷ বিগত এক–ডেৰ বছৰ ধৰি অসমৰ এই ২৩জনীয়া দলটোৱে প্রতিষ্ঠানটোত শ্রমিক হিচাপে নিয়োজিত হৈ আছিল ৷ কিন্তু লকডাউন বলৱৎ হোৱাৰ পাছতে তেওঁলোকৰ জীৱনলৈ অমানিশা নামি আহে ৷ দলটোৰ অন্যতম সদস্য জখলাবন্ধাৰ অভিজিৎ দাসে ‘নিয়মীয়া বার্তা’ৰ আগত তেওঁলোকৰ দুর্দশাপূর্ণ কাহিনী বর্ণনা কৰি কয়– প্রথম অৱস্থাত আমাৰ লগত থকা টকা–পইচাৰে চলিছিলোঁ ৷ কিন্তু ক্রমাৎ টকা–পইচাৰ নাটনি হৈ আহিবলৈ ধৰে ৷ এনে অৱস্থাত আমি থকা ঘৰৰ ভাৰা দিবলৈও অক্ষম হৈ পৰোঁ৷ বাকী খোৱাৰ কথাটো আছেই ৷ অৱশ্যে আমি থকা স্থানৰ পৰা প্রায় ২ কিলোমিটাৰ দূৰৈত স্বেচ্ছাসেৱী সংস্থা (এন জি অ’)ই বিতৰণ কৰা খাদ্য প্রথমতে গ্রহণ কৰিছিলোঁ৷ কিন্তু সেই এলেকাৰ কেইজনমান লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাত ঘৰৰ মালিকে তালৈ যোৱাত বাধা আৰোপ কৰে৷ কিন্তু ক্ষুধাৰ তাড়নাত আমি এন জি অ’ৰ খাদ্যই গ্রহণ কৰি আছিলোঁ ৷ পিছে এটা সময়ত ইয়াৰ বাবে মালিকে আমাক একপ্রকাৰ ঘৰৰ পৰা উলিয়াই দিয়ে৷ এনে অৱস্থাত আমি ভয়ংকৰ দুর্যোগৰ সন্মুখীন হৈ পৰিছিলোঁ ৷ আমি বিভিন্ন ধৰণে উত্তৰ প্রদেশ চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ যদিও সফল নহ’লোঁ ৷ শেষত খোজকাঢ়িয়েই ঘৰলৈ অহাৰ সিদ্ধান্ত লওঁ ৷ সেইমর্মে যোৱা বুধবাৰে পুৱা আমি যাত্রা আৰম্ভ কৰোঁ ৷ কর্মস্থানৰ পৰা খোজকাঢ়ি ডেৰশ কিলোমিটাৰ অতিক্রমি দলটোৱে শুকুৰবাৰে উত্তৰ প্রদেশৰ বাইৰেলিত উপস্থিত হোৱা বুলি অভিজিৎ দাসে জানিবলৈ দিয়ে ৷

তেওঁ প্রকাশ কৰা মতে, বাইৰেলিত উপস্থিত হোৱাৰ পাছতে তেওঁলোকে স্থানীয় ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ যায় ৷ ৰাজহ চক্র বিষয়াৰ কার্যালয়ে তেওঁলোকক সমীপৱর্তী স্থানত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ৷ এতিয়া দলটোৱে কেনেদৰে ঘৰলৈ উভতি আহিব, তাৰ কোনো উৱাদিহ পোৱা নাই ৷ এইক্ষেত্রত অসম চৰকাৰক ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁলোকে কৰযোৰে আহ্বান জনাইছে ৷ উল্লেখ্য যে এই দলটোত থকা সদস্যসকল হৈছে– নগাঁও জিলাৰ অভিজিৎ দাস, চুমাৰাণী মণ্ডল, ৰিচা ভদ্রা, মন্তিৰাণী ভদ্রা, বিউটী ভদ্রা, অর্চনা ভদ্রা, কার্তিক ভদ্রা, জিৎ তাঁতী, বৰুণ মির্ধা, আলবিনা ডেমতা, ধর্ম চৌহান, গোলাঘাট জিলাৰ ৰুবুল গগৈ, বঙাইগাঁও জিলাৰ আবু চাবিদ, জহিনুৰ আলম, শ্বফিকুল ইছলাম, আজাদুল ইছলাম, চাদিকুল ইছলাম, বাগ্সা জিলাৰ ৰূপম নাথ, হোজাই জিলাৰ দীপাংকৰ দাস, প্রতিমা দাস, শুভাংকৰ দাস, জীৱন সোণাৰি, শোণিতপুৰ জিলাৰ সুনীল টণ্ডন আৰু কার্বি আংলং জিলাৰ ৰূপদান আমচি ৷

You might also like