🔹 দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ড০ শর্মা চৰকাৰ
বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমাক ফ্রী হেণ্ড দিছে৷ যিমানেই ডাঙৰ বিষয়া নহওক কিয়, আমি কোনো আপোচ নকৰোঁ৷’- দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰা শূন্য সহনশীল নীতিৰ বিষয়ে সদৰী কৰি অগ্রণী বৈদ্যুতিন মাধ্যম ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ সাংবাদিক সুনীল বৰাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এনেদৰে মন্তব্য কৰে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰণ সঞ্চালকালয়ৰ সঞ্চালক সুৰেন্দ্র কুমাৰে৷ শেহতীয়াকৈ দুর্নীতি নিবাৰকে ৰাজ্যৰ প্রশাসনিক প্রাণকেন্দ্র জনতা ভৱনত আবকাৰী বিভাগৰ এজন শীর্ষ বিষয়াক উৎকোচ লোৱা অৱস্থাত হাতে–লোটে কৰায়ত্ত কৰাৰ পাছতে সঞ্চালক সুৰেন্দ্র কুমাৰে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ তেওঁ কয় যে যিকোনো ৰেংকৰ বিষয়া নহওক কিয় বা যি চৰকাৰী বিভাগেই হওক, দুর্নীতিৰ ক্ষেত্রত যদিহে উপযুক্ত তথ্য–প্রমাণ আমি লাভ কৰোঁ, তেন্তে কোনো আপোচ নকৰাকৈ আইন মতে ব্যৱস্থা ল’ব লাগিব৷ সেই মতেই আমি ব্যৱস্থা লৈ আহিছোঁ৷ ৰাইজে হয়তো ভাবিব পাৰে- অকল তলতীয়া কর্মচাৰীকে আমি গ্রেপ্তাৰ কৰিছোঁ৷ কিন্তু প্রকৃতার্থত তেনে নহয়৷ তলতীয়া কর্মচাৰীৰ লগতে বহু শীর্ষ বিষয়াকো দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে৷ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমাক এইক্ষেত্রত সম্পূর্ণ ৰেহাই দিছে৷ চৰকাৰী বিষয়া–কর্মচাৰীৰ হাৰাশাস্তিৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে চিন্তাবিহীনভাৱে ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে সঞ্চালক সুৰেন্দ্র কুমাৰে৷ উল্লেখ্য যে সাক্ষাৎকাৰটোত সঞ্চালক কুমাৰে বিগত ২০২১ বর্ষৰ ১০ মে’ৰ পৰা চলিত ২০২৪ বর্ষৰ ১৬ অক্টোবৰলৈ দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুর্নীতিৰ বিৰুদ্ধে চলোৱা অভিযান সন্দর্ভত বহু তথ্য প্রদান কৰে৷ এই অনুসৰি বিগত তিনিটা বছৰত ২০৬টা ট্রেপ গোচৰ দুর্নীতি নিবাৰকে পঞ্জীয়ন কৰাৰ লগতে মুঠ ২৫৫জন লোকক গ্রেপ্তাৰ কৰিছে৷ ইয়াৰে ভিতৰত ২৩৫জন চৰকাৰী কর্মচাৰী, ১০৮জন চৰকাৰী বিষয়া আৰু ২০জন মধ্যভোগীক দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে৷ অকল সেয়াই নহয়, এই সময়ছোৱাত মুঠ ৭ কোটি ৮০ লাখ ৭০ হাজাৰ ৫০০ টকা দুর্নীতি নিবাৰকে জব্দ কৰি ৰাজকোষলৈ প্রেৰণ কৰিছে৷ চলিত ২০২৪ বর্ষতো আজিৰ তাৰিখলৈকে ৫৪টা ট্রেপ কেছ পঞ্জীয়ন কৰাৰ লগতে ৬৭জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৩১জন চৰকাৰী বিষয়া, চাৰিজন মধ্যভোগী, ৩২জন চৰকাৰী কর্মচাৰী আছে৷ চলিত বর্ষটোতে ২ কোটি ১৩ লাখ ৬৩ হাজাৰ ৩৭০ টকা দুর্নীতি নিবাৰকে জব্দ কৰিছে৷ শেহতীয়াকৈ জনতা ভৱনত দুর্নীতি নিবাৰকে গ্রেপ্তাৰ কৰা আবকাৰী শাখা বিষয়া পার্থ হাজৰিকা সন্দর্ভতো সঞ্চালক সুৰেন্দ্র কুমাৰে কয় যে যোৱা ১৫ অক্টোবৰত ১২ বজাত এগৰাকী শিক্ষিত যুৱকে দুর্নীতি নিবাৰকক বিষয়াজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল৷ অভিযোগৰ ২৪ ঘণ্টাৰ ভিতৰতে বিষয়াজনক হাতে–লোটে তদন্তকাৰী বিষয়াই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ভৱিষ্যতলৈও ৰাইজক এনেদৰে সহযোগ কৰিবলৈ আহ্বান জনাই সঞ্চালক কুমাৰে কয় যে ৰাইজে অভিযোগ দিয়াৰ সময়ত কোনোধৰণৰ ভয় খাব নালাগে৷ আমি যি কৰিম তেওঁলোকৰ সৈতে আলোচনা কৰিহে আগবাঢ়িম৷ যদিহে তথ্য–প্রমাণ সম্পূর্ণ সত্য হয়, তেন্তে তাৎক্ষণিকভাৱে অভিযোগৰ ওপৰত পদক্ষেপ গ্রহণ কৰা হ’ব৷ লক্ষণীয় যে দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে বহু সময়ত ভুক্তভোগী ৰাইজে অভিযোগ দিম বুলি থিৰাং কৰিও অনাকাংক্ষিত শংকাৰ বাবে পিছপৰি ৰয়৷ সঞ্চালক কুমাৰে কয় যে অভিযোগ দিয়াৰ সময়ত ৰাইজে অনাকাংক্ষিত শংকাৰ পৰা মুক্ত থাকিব লাগে৷ দুর্নীতি নিবাৰকে দুর্নীতিগ্রস্ত বিষয়াক যিদৰে হাতে–লোটে কৰায়ত্ত কৰিব পাৰে, ঠিক তেনেদৰে সঠিক অভিযোগ দিয়া ভুক্তভোগীকো সমানেই ৰক্ষণাবেক্ষণ দিব৷ গতিকে ৰাইজে এনেধৰণৰ অমূলক চিন্তাৰ পৰা আঁতৰি থাকি দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ক সহযোগ কৰক৷ উল্লেখ্য যে যিকোনো চৰকাৰী বিভাগৰ বিষয়া–কর্মচাৰীয়ে ৰাইজৰ পৰা উৎকোচ বিচাৰিলে ১৮০০৩৪৫৩৭৬৭ টোল ফ্রী নম্বৰত অথবা ৬০২৬৯০১২৪৩ নম্বৰত হোৱাটছএপযোগে নাইবা ০৩৬১২৪৬২২৯৫, ৬০২৬৯০৩৪৮১, ৬০২৬৯০৩৪৮৩ আৰু ৬০২৬৯০৩৪১৮ নম্বৰত অভিযোগ দিব পাৰে৷ ইয়াৰ বাহিৰেও [email protected] বা সঞ্চালকালয়ৰ এক্স হেণ্ডেলতো ৰাইজে নিজৰ অভিযোগ দিব পাৰে৷