শনিবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত ২,৩৯১; মৃত্যু ২৪
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ অব্যাহত আছে৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত ২,৩৯১জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ দিনটোত মুঠ ১,৩৩,৩০৮জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ১.৭৯ শতাংশ৷ শনিবাৰে আক্রান্তসকলৰ ভিতৰত গোলাঘাটত ২৩৪জন, কামৰূপ মেট্র’ত ২২৮জন, যোৰহাটত ২০৬জন, শোণিতপুৰত ১৪১জন, শিৱসাগৰত ১৩২জন, ডিব্রুগড়ত ১১৩জন, নগাঁৱত ১১১জন, লখিমপুৰত ১০৯জন, বাক্সাত ১০০জন লোক৷ আনহাতে, বৰপেটাত ৮৩জন, বিশ্বনাথত ৮৮জন, বঙাইগাঁৱত ৪৮জন, কাছাৰত ৫৯জন, চৰাইদেউত ৪৪জন, চিৰাঙত ২৭জন, দৰঙত ১৬জন, ধেমাজিত ৮১জন, ধুবুৰীত ২৯জন, ডিমা হাছাওত ১৩জন, গোৱালপাৰাত ৯২জন, হাইলাকান্দিত ৭জন, হোজাইত ২১জন, কামৰূপত ৫৮জন, কার্বি আংলঙত ৪২জন, কৰিমগঞ্জত ১৯জন, কোকৰাঝাৰত ৩১জন, মাজুলীত ২৯জন, মৰিগাঁৱত ৫৬জন, নলবাৰীত ৫৮জন, তিনিচুকীয়াত ৭৩জন, ওদালগুৰিত ৩৮জন আৰু পশ্চিম কার্বি আংলঙত ৫জন লোক আক্রান্ত হয়৷ সুখৰ খবৰ এয়ে যে শনিবাৰৰ দিনটোত দক্ষিণ শালমাৰা জিলাত এজনো লোক ক’ভিডত আক্রান্ত হোৱা নাই৷
ইপিনে, শনিবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈ ২৪জন লোকৰ মৃত্যু হৈছে৷ গোলাঘাট–তিনিচুকীয়াত ৪জনকৈ, ডিব্রুগড়–শোণিতপুৰ ৩জনকৈ, যোৰহাট–কৰিমগঞ্জ ২জনকৈ, চৰাইদেউ–ধুবুৰী–হোজাই আৰু নগাঁৱত এজনকৈ লোকৰ মৃত্যু হয়৷
আনহাতে, কালিৰ দিনটোত সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ২,৮৫৪জন লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ২১,২০২জন সক্রিয় ক’ভিড ৰোগী আছে৷ অসমত সুস্থতাৰ হাৰ ৯৪.৮৬ শতাংশৰ বিপৰীতে মৃত্যুৰ হাৰ ০.৯০ শতাংশ৷
ইফালে, যোৱা ১ জুলাইৰ পৰা শনিবাৰলৈকে যোৱা ১০টা দিনত ৰাজ্যখনত জিলাভিত্তিক ক’ভিড ৰোগীৰ সংখ্যা এনে ধৰণৰ– গোলাঘাট ২,৬২৯জন, কামৰূপ মেট্র’ ১,৮৯৪জন, যোৰহাট ১,৭০৯জন, শোণিতপুৰ ১,৬৮৩জন, লখিমপুৰ ১,৬৬৮জন, ডিব্রুগড় ১,১৭৩জন, নগাঁও ৯৯৫জন, শিৱসাগৰ ৯৬৯জন, বিশ্বনাথ ৯৪৯জন, তিনিচুকীয়া ৯৪০জন, কামৰূপ ৮৭২জন, মৰিগাঁও ৮১৮জন, ধেমাজি ৬৭৬জন, গোৱালপাৰা ৬৪৯জন, বৰপেটা ৫৭৬জন, কাছাৰ ৫৪৯জন, বাক্স ৫১২জন, কার্বি আংলং ৪৫৯জন, নলবাৰী ৪৪৯জন, চৰাইদেউ ৪২৬জন, কোকৰাঝাৰ ৩৫৫জন, কৰিমগঞ্জ ৩৫০জন, দৰং ৩৪৮জন, হোজাই ৩৩৫জন, ওদালগুৰি ৩২৮জন, বঙাইগাঁও ৩০৪জন, চিৰাং ২৩৮জন, ধুবুৰী ২০২জন, মাজুলী ১৮৭জন, ডিমা হাছাও ১৬৪জন, হাইলাকান্দি ১০৩জন, পশ্চিম কার্বি আংলং ৭৮জন আৰু দক্ষিণ শালমাৰাত ১৩জন৷