নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ৰ অধিক আক্রান্ত জিলাত বলৱৎ হ’ব কঠোৰ নীতি–নিয়ম

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ৰাজ্যৰ সাত জিলাৰ ক’ভিড পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ৷  গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰি কয় যে ডিব্রুগড়, যোৰহাট, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু কিছু পৰিমাণে মৰিগাঁও–নগাঁও জিলাৰ ক’ভিডৰ সংক্রমণ চিন্তাৰ বিষয় হৈ আছে৷

অৱশ্যে ধুবুৰী, গোৱালপাৰা জিলাৰ পৰিস্থিতি কিছু ভাললৈ আহিছে৷ যিবোৰ জিলাত দৈনিক ক’ভিডৰ সংক্রমণ ১০০ৰ ওপৰত থাকিব, সেইবোৰ জিলাৰ ক্ষেত্রত চৰকাৰে কঠোৰ নীতি–নিয়ম বলৱৎ কৰিব৷

কামৰূপ মেট্র’ জিলাৰ ক্ষেত্রতো চৰকাৰে চোকা দৃষ্টি ৰখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জিলাখনত দৈনিক ২৫০ৰ অধিক সংক্রমণ হ’লে চৰকাৰে কঠোৰ বাধা–নিষেধ বলৱৎ কৰিব৷ অৱশ্যে কামৰূপ মেট্র’ জিলাত দৈনিক আক্রান্তৰ যি সংখ্যা প্রকাশ পায়, সেয়া সকলো জিলাখনৰ নাগৰিক নহয়৷ নলবাৰী, বৰপেটা আদিৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীও ইয়াত ক’ভিড পজিটিভ হিচাপে ধৰা পৰে৷ কালিৰ দিনটোতো কামৰূপ মেট্র’ জিলাৰ পৰা প্রকৃততে ১৭০গৰাকীহে পজিটিভ ৰোগী ধৰা পৰিছে৷ বৰাক উপত্যকাৰ পৰিস্থিতি সম্প্রতি ভাললৈ আহিছে৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিড পৰিস্থিতি ভাললৈ অহা জিলাসমূহত অহা বুধবাৰৰ পৰা বিয়লি তিনি বজালৈ দোকান–পোহাৰ খোলাৰ অনুমতি দি চাৰি বজাৰ পৰা নিষেধাজ্ঞা বলৱৎ কৰাৰ ব্যৱস্থা কৰিব বুলি প্রকাশ কৰে৷

ৰাজ্যখনত ক’ভিডৰ সংক্রমণ চুলাই ঘাটিৰ পৰাই বৃদ্ধি পোৱাৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অভিভাৱক মন্ত্রীসকলে জিলাসমূহ ভ্রমণ কৰি চুলাইৰ ঘাটিৰ পৰাই ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ বিষয়ে তেওঁক জানিবলৈ দিছে৷ ইতিমধ্যে জিলা উপায়ুক্তসকলক চুলাইৰ ঘাটিসমূহ উচ্ছেদ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে৷

You might also like