নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : অএনজিচিয়ে আহব্বান কৰা ৩৭২খন লঘু যান বাহনৰ নিবিদাক লৈ চলি থকা বিতৰ্কৰ মাজতেই আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত জিলাখনৰ জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ সৈতে নিগম কৰ্তৃপক্ষৰ এখনি গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠক অনুস্থিত হয়৷ প্ৰতিবাদৰত দল সংগঠনসমুহে উত্থাপন কৰা দাবীসমুহ আংশিকভাৱে অএনজিচিয়ে মানি লোৱাৰ আশ্বাস দিয়াৰ পিছতেই অসমীয়া যুৱ মঞ্চই কাইলৈ পুৱা পাঁচ বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা পাঁচ বজালৈ আহব্বান জনোৱা ২৪ ঘন্টীয়া অএনজিচি বন্ধ সাময়িকভাৱে স্থগিত ৰখা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে নিগমে ৰাজহুৱা কৰা ঠিকা ভিত্তিক বাহনৰ নিবিদাত কেতবোৰ জটিল চৰ্ত আৰোপ কৰাক লৈ বিগত এটা সপ্তাহ ধৰি শিৱসাগৰ জিলা উত্তাল হৈ আছিল ৷ এই জটিল নিবিদা চৰ্ত বাতিলৰ দাবীত আজি দিনৰ ভাগতো জাতীয় সংগ্ৰামী সেনা, আহোম সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, মৰিয়া ছাত্ৰ সন্থাকে ধৰি মুঠ আঠটাকৈ দল সংগঠনে সংবাদ মেল পাতি নিগম কৰ্তৃপক্ষৰ অসমবিৰোধী চৰিত্ৰৰ বিৰুদ্ধে অহা ১০ আগষ্টত ৫ ঘন্টীয়া অএনজিচিৰ তলাবন্ধ কাৰ্য্যসূচী ঘোষণা কৰিছিল৷ অৱশেষত প্ৰশাসনৰ আমন্ত্ৰণক্ৰমে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ সৈতে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত এই গুৰুত্বপুৰ্ণ ত্ৰিপাক্ষিক বৈঠকখন অনুস্থিত হয়৷ শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, এগৰাকী অতিৰিক্ত উপায়ুক্ত, নিগম কৰ্তৃপক্ষৰ প্ৰথম শ্ৰেণীৰ এটা প্ৰতিনিধি বিষয়া মণ্ডলৰ উপস্থিতিত অনুস্থিত বৈঠকত বহুখিনি নিবিদাৰ জটিল চৰ্ত বাতিল, নিবিদা দাখিলৰ অন্তিম সময়সীমা ১০ আগষ্টৰ পৰিৱৰ্তে ২২ আগষ্ট পৰ্য্যন্ত বৃদ্ধি কৰাৰ আশ্বাস দিয়াৰ লগতে সমগ্ৰ নিবিদা প্ৰক্ৰিয়া লটাৰীযোগে অনুস্থিত কৰাৰ এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰোপৰি নিগমত পুৰ্বৰে পৰা তিনিখনতকৈ অধিক গাড়ী থকা ব্যক্তিক নিবিদাত অংশ গ্ৰহণৰ সুবিধা নিদিয়া, ৩৭২খন গাড়ী ৩৭২জন নিবিদাকাৰীক লটাৰীযোগে একোখনকৈ গতাই দিয়াৰ আশ্বাস প্ৰদান কৰে ৷ বিয়লি ৪ বজাৰ পৰা নিশা প্ৰায় আঠ বজালৈকে চলা ত্ৰিপাক্ষিক বৈঠকৰ অন্তত প্ৰতিবাদৰত অসমীয়া যুৱ মঞ্চকে ধৰি বাকী সংগঠনসমুহে সাময়িকভাৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ নিশা অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ আৰু জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়াৰ লগতে নিগম কৰ্তৃপক্ষই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহব্বান জনায়৷ অন্যথাই জংগী আন্দোলনৰ কোনো বিকল্প নাথাকিব বুলিও সকীয়াই দিয়ে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান