বজালীত একেদিনাই ২৪টা পথৰ শুভ উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ আজিৰ দিনটোক মই মোৰ ৰাজনৈতিক জীৱনৰ সৰ্বশ্ৰেষ্ঠ, উল্লেখযোগ্য তথা সফল দিন হিচাবে গণ্য কৰিছোঁ৷ ইয়াৰ কাৰণ হৈছে যিটো সমষ্টিৰ ৰাইজে মোক বিশ্বাসত লৈ, আস্থাত লৈ জনপ্ৰতিনিধি বনালে সেই সমষ্টিত এটা দিনতে এমজি এনৰেগাৰ জৰিয়তে ৩,১৬,৪০,৯০১ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৪টা পথ বিভিন্ন সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তিৰ দ্বাৰা শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গা কৰিব পাৰিছো৷ আৰু অকল এয়াই নহয়, ইয়াৰোপৰি এটা দিনতে অসম আদৰ্শ গাঁও আঁচনিৰ অধীনত বজালীৰ বাঘমাৰা আদৰ্শ গাঁৱত মুঠ ৩৭ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কেইবাটাও উন্নয়নমূলক কামৰো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব পাৰিছো৷” এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ উল্লেখ্য যে কালি বজালীৰ বিভিন্ন প্ৰান্তত একেটা দিনতে অভিলেখ সংখ্যক উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ন গোস্বামীকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা এই পথসমূহ হৈছে ক্ৰমে বাঘমাৰা গাঁও পঞ্চায়তৰ খগেন কলিতাৰ ভূমিৰ পৰা কলিয়া গোসাঁই ঘৰ হৈ বাবুল কলিতাৰ ভূমিলৈকে ৩০০ মিটাৰ পথ, বামুনকুছি গাঁও পঞ্চায়তত আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পৰা তৰণী ৰয়ৰ ভূমিলৈকে ৫৯০ মিটাৰ পথ, বৰণলীকুছিৰ দিননাথ শীলৰ ঘৰৰ পৰা অতুল মেধিৰ ঘৰলৈকে ২৫০ মিটাৰ পথ, ৰায়পুৰ গাঁৱৰ ৰতন কলিতাৰ ঘৰৰ পৰা কলিতাপাৰা নামঘৰলৈকে ৪০০ মিটাৰ পথ, ধৰমতলা গাঁৱৰ উৎপল ৰয় গোলামাল দোকানৰ পৰা নৰেন দত্তৰ ঘৰলৈকে ৬৭০ মিটাৰ পথ, বৰবাং গাঁও পঞ্চায়ৰ বৰবাং খাণ্ডোপাৰা গাঁৱৰ ৰাজ নাথৰ ঘৰৰ পৰা পংকজ চৌধুৰীৰ ঘৰলৈকে ১৮০ মিটাৰ পথ, গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা মাজিউপাৰা সভা হৈ পাঠশালা লোক নিৰ্মাণ বিভাগৰ পথলৈকে ৩৫০ মিটাৰ পথ, পাঠশালাৰ ৬নং ৱাৰ্ডৰ লাৰুৱা গোপাল মন্দিৰৰ পৰা গোপেশ কলিতাৰ ঘৰলৈকে ২০০ মিটাৰ পথ, বৰভালুকী বালিপাৰা গাঁও পঞ্চায়তৰ ভালুকী বাগনা পথৰ পৰা ভাস্কৰ শৰ্মাৰ ঘৰলৈকে ২৯০ মিটাৰ পথ, ৭নং ৱাৰ্ডৰ উদয় শৰ্মাৰ ঘৰৰ সমীপৰ কনিমাৰা ভালুকী পথৰ পৰা বালিপাৰালৈ ৬০ মিটাৰ পথ, ডুমুৰীয়া গাঁও পঞ্চায়তৰ নালিপাৰা গাঁৱৰ হেমন্ত দাসৰ ঘৰৰ পৰা খগেন দাসৰ ঘৰলৈকে ২০০ মিটাৰ পথ, বেলনা গাঁৱৰ নালনা বেলনা লোক নিৰ্মাণ পথৰ পৰা গোপাল পাটগিৰিৰ ঘৰলৈকে ২০০ মিটাৰ পথ, গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা পূবৰ মুখ্য গেটলৈ ৩৫ মিটাৰ পথ, মানিকপুৰ গাঁও পঞ্চায়তৰ গেটৰ পৰা নতুন গাঁও পঞ্চায়ত বিল্ডিঙলৈ ৩২ মিটাৰ পথ, মুগুৰীয়া গাঁও পঞ্চায়তৰ সত্য কাকতিৰ ঘৰৰ পৰা কনক পাটগিৰিৰ ঘৰলৈকে ৪০০ মিটাৰ পথ, বামাখাটা ১ নং সত্ৰৰ পৰা ঘন কলিতাৰ ঘৰলৈকে ২৯৫ মিটাৰ পথ, ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিৰবিৰাৰ ৰাজেন দাসৰ ভূমিলৈকে ৯৪ মিটাৰ পথ, ভূটান সংযোগী ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ পৰা বিষ্ণুপুৰ নামঘৰলৈকে ৩৫০ মিটাৰ পথ, হাগুৰিজানৰ দীজেন কলিতাৰ ঘৰৰ পৰা সমেন পাটগিৰিৰ ঘৰলৈকে ১১০ মিটাৰ পথ, পাটাছাৰকুছি গাঁও পঞ্চায়তৰ যতীন কলিতাৰ ঘৰৰ পৰা কুৱাৰা কৰদৈগুৰিলৈ ৬০০ মিটাৰ পথ, ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰভালাৰ নিখিল শৰ্মাৰ ঘৰলৈকে ৪২০ মিটাৰ পথ, অজয় গোস্বামীৰ ঘৰৰ পৰা দীপনাৰায়ণ গোস্বামীৰ ঘৰলৈকে ২২০ মিটাৰ পথ, সাদেৰী গাঁও পঞ্চায়তৰ কদমৰতল চুবা ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খৰ্গেশ্বৰলৈকে ২৭৬ মিটাৰ পথ, ফিনগুৱাগড় হাইস্কুলৰ পৰা বচিলা ৰয়ৰ ঘৰলৈকে ৩৭৮ মিটাৰ পথৰ শুভউদ্বোধন কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে৷ ইয়াৰোপৰি অসম আদৰ্শ গাঁও আঁচনিৰ অধীনত আজি বজালীৰ বাঘমাৰা আদৰ্শ গাঁৱত মুঠ ৩৭ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কেইবাটাও উন্নয়নমূলক কামৰো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ মন্ত্ৰীগৰাকীয়ে আজি উদ্বোধন কৰা এই কামসমূহ হৈছে ক্ৰমে ২৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা ৪টা পথ, ৭.৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এখনি সাংস্কৃতিক মঞ্চ আৰু ৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা হাইমাক্স লাইটৰ৷ এই আঁচনিসমূহৰ শুভ উদ্বোধন কৰি আগন্তুক দিনত বাঘমাৰা আদৰ্শ গাঁওখনক যাতে এখন স্বচ্ছ গাঁৱলৈ ৰূপান্তৰ কৰিব পাৰে তাৰবাবে গাঁওবাসী ৰাইজক আহ্বান জনায়৷
প্ৰেৰক কল্যাণ কলিতা৷