নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া পেন্সন আঁচনিৰ জৰিয়তে উপকৃত হ’ব ২৪,৬৬,৬৩৫ হিতাধিকাৰী

নিয়মীয়া বাৰ্তা ১০ জুনঃ সম্ভাৱনাৰ বার্তা লৈ ৰাজ্যত ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰখনে শেহতীয়াকৈ লোৱা কেইবাটাও উল্লেখনীয় পদক্ষেপে সাধাৰণ ৰাইজৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে৷ চৰকাৰ গঠনৰ পাছতে উল্লেখযোগ্য ঘটনাৰে ইতিমধ্যে কামত নামি পৰা চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপৰ ভিতৰত অন্যতম আছিল নিয়মীয়া পেন্সন আদায়৷ ৰাজ্যত চলি থকা বৃদ্ধ পেন্সন আঁচনি সামগ্রিকভাৱে সকলো লোকক সামৰি লৈছিল যদিও বিগত সময়ছোৱাত বিশেষকৈ কংগ্রেছ চৰকাৰৰ কার্যকালত বৃদ্ধ পেন্সন আঁচনিৰ নামত সংঘটিত হৈছিল ব্যাপক খেলিমেলি৷ বৃদ্ধ পেন্সন আঁচনিৰ ধন প্রকৃত হিতাধিকাৰীয়ে লাভ কৰাৰ পৰিৱর্তে ৰাজনৈতিক স্বার্থৰ বাবেহে এই আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্রস্তুত হৈছিল৷

বিশেষকৈ ইন্দিৰা গান্ধী বৃদ্ধ পেন্সন আঁচনিৰ পৰা বঞ্চিত হৈছিল প্রকৃত হিতাধিকাৰীসকল৷ অৱশ্যে সেই খেলিমেলি আঁতৰাই পেন্সন আঁচনিৰ ধন সহজলভ্য তথা প্রকৃত হিতাধিকাৰীয়ে লাভ কৰাৰ ক্ষেত্রত পূর্বৰ বিজেপি চৰকাৰে গ্রহণ কৰিছিল এলানি বিশেষ পদক্ষেপ৷ সেই পদক্ষেপৰ অংশস্বৰূপে এইবাৰ ৰাজ্য চৰকাৰে কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন, ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আৰু দীনদয়াল দিব্যাংগ জন পেন্সন আঁচনিৰ জৰিয়তে আর্থিক সাহায্য প্রদানৰ প্রক্রিয়াৰ সবলীকৰণ কৰি তুলিছে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰখনে দায়িত্ব গ্রহণৰ পাছতেই প্রথম কেবিনেটতেই বৃদ্ধ পেন্সন আঁচনিৰ ধন, বিধৱা পেন্সন আঁচনিৰ ধন আৰু দিব্যাংগসকলে যাতে নির্দিষ্ট সময়ত ধন লাভ কৰে, তাৰ বাবে গ্রহণ কৰে এক বিশেষ পদক্ষেপ৷ পূর্বৰ সকলো খেলিমেলিক আঁতৰাই এতিয়া হিতাধিকাৰীয়ে কুশল কোঁৱৰ বৃদ্ধ আঁচনিৰ অধীনত মুঠ ২০,০৮,৪১৯গৰাকী হিতাধিকাৰীক সামৰি লোৱা হৈছে৷ আনহাতে ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনিৰ অধীনত ২,৯৭,৬০৪ লোকক সামৰি লোৱা হৈছে৷

একেদৰে দীনদয়াল দিব্যাংগ জন পেন্সন আঁচনিৰ জৰিয়তে ১,৬০,৬১২গৰাকী হিতাধিকাৰীক সামৰি লোৱা হৈছে৷ কার্যতঃ ইয়াৰ জৰিয়তে প্রকৃত হিতাধিকাৰীয়ে যাতে মাহৰ নির্দিষ্ট দিনত আঁচনিৰ ধন লাভ কৰে, সেই দিশত বিশেষ গুৰুত্ব দিছে ৰাজ্য চৰকাৰখনে৷ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ জৰিয়তে প্রতি মাহে ২৫০ টকাকৈ হিতাধিকাৰীক আদায় দিয়াৰ লগতে ৮০ বছৰৰ ঊর্ধ্বৰ হিতাধিকাৰীক প্রতি মাহে ৫৫০ টকাকৈ প্রদান কৰি অহা হৈছে৷ একেদৰে ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আঁচনিৰ জৰিয়তে ১৮ৰ পৰা ৬০ বছৰৰ বিধৱাসকলক প্রতি মাহে ৩০০ টকাকৈ বেংক একাউণ্টত জমা কৰা হৈছে৷

দীনদয়াল দিব্যাংগ জন পেন্সন আঁচনিৰ অধীনত প্রতি মাহে ১,০০০ টকাকৈ হিতাধিকাৰীক বেংকৰ জৰিয়তে হস্তান্তৰ কৰা হৈছে৷ এই আঁচনিত ৪০ শতাংশতকৈ অধিক অক্ষমতা থকা দিব্যাংগসকলকহে সাঙুৰি লোৱা হৈছে৷ তিনিওখন আঁচনিৰ সর্বমুঠ হিতাধিকাৰীৰ সংখ্যা হ’ল ২৪,৬৬,৬৩৫জন৷ ৰাজ্যৰ খিলঞ্জীয়া লোকসকলক আর্থিকভাৱে সকাহ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে বহু পৰিয়াল উপকৃত হোৱাই নহয়, আর্থিক দিশত নিজকে চম্ভালিবলৈও সক্ষম হৈছে বহু ঘৰৰ মুৰব্বী৷ ৰাজ্যৰ খিলঞ্জীয়া লোকৰ প্রতি ৰাজ্য চৰকাৰখনে দেখুওৱা এনে পদক্ষেপে স্বাভাৱিকতে সাধাৰণ ৰাইজৰ মাজতো বিশেষ আশাৰ সঞ্চাৰ কৰিছে৷

উল্লেখ্য যে মহাত্মা গান্ধীৰ ১৪৯সংখ্যক জন্মজয়ন্তীত আৰম্ভ কৰা শ্বহীদ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ বাবদ প্রতি বছৰে ৰাজ্য চৰকাৰে ব্যয় কৰিব ৪০০ কোটি টকা৷ ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ প্রতি সন্মান জনোৱাৰ লক্ষ্যৰে গ্রহণ কৰা এই পদক্ষেপৰ জৰিয়তে সামৰি লোৱা হৈছে ৬০ৰ ঊর্ধ্বৰ প্রতিগৰাকী ব্যক্তিক৷ প্রতিটো বিধানসভা সমষ্টিত ১৫ হাজাৰৰ পৰা ২০ হাজাৰ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব৷ ৰাজ্য চৰকাৰে এইক্ষেত্রত প্রতিগৰাকী হিতাধিকাৰীয়ে যাতে নির্দিষ্ট সময়ত ধন লাভ কৰে, সেই দিশত দিছে বিশেষ গুৰুত্ব৷

যি সময়ত ক’ৰোনাকেন্দ্রিক পৰিৱেশে ৰাজ্যৰ অর্থনৈতিক দিশত যথেষ্ট ক্ষতি কৰিছে, তেনে অৱস্থাৰ পাছতো ৰাজ্য চৰকাৰখনে কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনি, ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আঁচনি আৰু দীনদয়াল দিব্যাংগ জন পেন্সন আঁচনিৰ জৰিয়তে ৰাজ্যৰ লক্ষাধিক দুখীয়া পৰিয়ালক আর্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে এমাহ সম্পূর্ণ কৰাৰ সময়ত এয়া চৰকাৰখনৰ বাবে হৈছে এক উল্লেখযোগ্য আৰু গুৰুত্বপূর্ণ দিশ৷ ৰাজ্যৰ ৬০ৰ ঊর্ধ্বৰ প্রতিগৰাকী লোকক আর্থিকভাৱে সকাহ দি চৰকাৰখন যে এই লোকসকলৰ ওচৰত আছে, সেয়াও কার্যতঃ স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷

You might also like