নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন্ত ৰাস সমিতিক ২৫ হাজাৰকৈ অর্থসাহায্য

🔹 মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

ষ্টাফ ৰিপ’টাৰ, ২৮ অক্টোবৰ : ৰাজ্যৰ জীৱন্ত ৰাস উদযাপন সমিতিসমূহক চৰকাৰৰ তৰফৰ পৰা এইবাৰ ২৫ হাজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ অনন্য ঐতিহ্যৰ প্রচাৰ আৰু আয়োজনত সহায়ৰ হেতু কেবিনেটে জীৱন্ত ৰাস উদযাপন সমিতিসমূহক ২৫ হাজাৰ টকাকৈ বিত্তীয় সাহায্যৰ অনুমোদন জনাইছে৷ এই সিদ্ধান্তই প্রায় দুহাজাৰ জীৱন্ত ৰাস উৎসৱক লাভৱান্বিত কৰিব৷ তদুপৰি ৰাস মহোৎসৱ আয়োজনৰ হেতু প্রশাসনিক অনুমতিৰ বাবে মাচুল পৰিশোধৰ প্রয়োজনীয়তাকো সকলোৰে বাবে ৰেহাই দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

You might also like