নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ২৫ হাজাৰ টকাৰ নকল নোটসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ কালি নিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা অঞ্চলত চলোৱা এক অভিযানত আৰক্ষীয়ে নকল নোটসহ এজন ব্যক্তিক কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।  এক গোপন তথ্যৰ ভিত্তিত, কালি নিশা ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা আৰক্ষীৰ সেই অভিযানত ২৫ হাজাৰ টকাৰ নকল নোটসহ এজন লোক কৰায়ত্ত হৈছে। ধৃত লোকজন ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কচুৱাৰ খাচ অঞ্চলৰ জাকিৰ আলী বুলি প্ৰকাশ। উল্লেখনীয় যে আগন্তুক ঈদৰ গইনা লৈ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুৰ্গম অঞ্চলৰ নদীপথেদি গোপনে বাংলাদেশলৈ পশুধন সৰবৰাহৰ সৈতে জড়িত চক্ৰবোৰৰ তৎপৰতা বৃদ্ধি পোৱা বুলিও স্থানীয় ভু ৰখা মহলত চৰ্চিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like