নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঁতৰত থাকিও পিতৃ–মাতৃৰ স্বাস্থ্যৰ যত্ন কেনেকৈ ল’ব

বিশেষ বাৰ্তা, ২৫ জুনঃ আজিকালি বেছিভাগ দম্পতীয়ে চাকৰিৰ কাৰণে অন্য চহৰত পিতৃ–মাতৃৰ পৰা আঁতৰি থাকে৷ ছুটীৰ দিনত বা বিশেষ অনুষ্ঠানত পিতৃ–মাতৃক লগ কৰিবলৈ আহে৷ ইয়াৰ সমান্তৰালভাৱে পিতৃ–মাতৃয়ে নিঃসংগতাও অনুভৱ কৰে৷ তেওঁলোকে সন্তানক মিছ কৰিবলৈ আৰম্ভ কৰে, যেতিয়া তেওঁলোক কিছু অসুস্থ হয়৷ কেতিয়াবা আতংকিতও হয়৷ সেইবাবেই পিতৃ–মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্রয়োজনীয়৷ আঁতৰত থাকিও আপুনি কেনেকৈ মা–দেউতাৰ স্বাস্থ্যৰ যত্ন ল’ব পাৰে, জানো আহক-
অনলাইনত ঔষধ অর্ডাৰ কৰকঃ আজিকালি এনে বহুতো মেডিকেল ছাইট আছে, যিবোৰৰ জৰিয়তে এটা ক্লিকতে আপুনি ঘৰতে সহজে ঔষধ ডেলিভাৰী পাব পাৰে৷ আপুনিও এই ছাইটবোৰ ব্যৱহাৰ কৰি ঔষধ অর্ডাৰ কৰিব পাৰে, যাতে আপোনাৰ পিতৃ–মাতৃয়ে বাৰে বাৰে ফাৰ্মাচীলৈ গৈ ঔষধ কিনিব নালাগে বা কেতিয়াও ঔষধ কিনিব নালাগে৷ তেওঁলোকে ৰাস্তা পাৰ হ’লে চিন্তা কৰিব নালাগে৷ এইদৰে আপুনি পিতৃ–মাতৃক আর্থিকভাৱেও সহায় কৰিব পাৰে৷
চিকিৎসকৰ লগত এপইণ্টমেণ্ট বুকিং কৰকঃ যেতিয়াই মা–দেউতা ডাক্তৰৰ ওচৰলৈ যাব লগা হয়, তেতিয়াই এপইণ্টমেণ্ট বুকিং কৰিব পাৰে– যাতে তেওঁলোকে এপইণ্টমেণ্ট অনুসৰি সময়ত চিকিৎসকৰ ওচৰলৈ যাব পাৰে৷ তেওঁলোকৰ সুবিধাৰ বাবে তেজৰ নমুনা পৰীক্ষাৰ বাবে হোম বুকিঙো কৰিব পাৰে৷ ইয়াৰ ফলত অভিভাৱকসকলে বাহিৰলৈ অকলে যোৱাৰ পৰা ৰক্ষা পৰিব, তেওঁলোকে ঘৰতে আৰামত নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰক৷ আৰু ৰিপ’ৰ্টটো আপোনাৰ ম’বাইলত লওক৷
তেওঁলোকৰ লগত দৈনিক কথা পাতিবঃ কামত ব্যস্ত থকা বাবে ল’ৰা–ছোৱালীয়ে প্রায়ে দৈনিক মাক–দেউতাকৰ লগত কথা পাতিবলৈ অক্ষম হৈ পৰে৷ মাক–দেউতাকে অনুভৱ কৰে যে তেওঁলোকে নিজৰ সমস্যাবোৰ ক’লে ল’ৰা–ছোৱালীয়ে বেয়া পাব, গতিকে তেওঁলোকে নকয়৷ কেতিয়াবা এনেকুৱাও হয় যে আমি আমাৰ পিতৃ–মাতৃৰ পৰা বহুত দিনলৈ আঁতৰত থকো৷ মা–দেউতাই উপযাচি ফোনো নকৰে, সমস্যাৰ কথাও নকয়৷ গতিকে তেওঁলোকে মাক–দেউতাকৰ স্বাস্থ্যৰ সঠিক তথ্য নাপায়৷ সেইবাবেই ঘৰৰ পৰা আঁতৰত থকা ল’ৰা–ছোৱালীয়ে সময় উলিয়াই মাক–দেউতাকৰ লগত কেইমিনিটমান হ’লেও কথা পতাটো গুৰুত্বপূর্ণ৷ আৰু লগতে তেওঁলোকক সুস্থ জীৱনশৈলী গ্রহণ কৰিবলৈ উৎসাহিত কৰক৷
অভিভাৱকৰ স্বাস্থ্য বীমা থকাটো নিশ্চিত কৰকঃ আপুনি আপোনাৰ পিতৃ–মাতৃৰ বাবে স্বাস্থ্য বীমা ল’ব লাগিব, যাতে তেওঁলোকে অসুস্থতাৰ ক্ষেত্রত কোনোধৰণৰ হেঁচা নোহোৱাকৈ উপযুক্ত চিকিৎসা লাভ কৰিব পাৰে৷ সততে পিতৃ–মাতৃয়ে নিজৰ সন্তানৰ ওপৰত বিশেষ হেঁচা নিদিয়ে, এই কাৰণে তেওঁলোকে নিজৰ স্বাস্থ্য সম্পর্কীয় সমস্যাবোৰ সন্তানক নকয়৷ যদি তেওঁলোকে কয় তেতিয়াহ’লে সন্তান অপ্রয়োজনীয়ভাৱে চিন্তিত হ’ব বুলি ভয় কৰে৷ কিন্তু তেওঁলোকৰ স্বাস্থ্য সম্পর্কীয় সকলো তথ্য আপোনাৰ লগত ৰখা আৰু সময়ে সময়ে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকাটো আপোনাৰ দায়িত্ব৷

You might also like