একেলগে ৰভাৰ তলত বহি বিবাহপাশত আবদ্ধ ২৫৫ যোৰাকৈ দৰা-কইনা
📌উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থান, জয়পুৰ আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগ
বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : আজি তিনিচুকীয়াত এখন বিবাহে সকলোৰে মাজত চৰ্চিত হৈ পৰে, কিয়নো এইখন বিবাহ আন বিবাহৰ দৰে নহয়। সাধাৰণতে এখন বিবাহত এহাল দম্পতীৰ যুগ্মজীৱনৰ আৰম্ভণি হয়, কিন্তু এইখন বিবাহত এহাল নহয় ২৫৫ যোৰা দম্পতীয়ে একেলগে বিবাহপাশত আৱদ্ধ হয়৷ প্ৰকৃততে তিনিচুকীয়াৰ ঐতিহাসিক শিৱধাম মন্দিৰৰ চৌহদত উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থান, জয়পুৰ আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগত সামূহিক বিবাহ সংস্কাৰৰ আয়োজন কৰে। বিশাল মণ্ডপ সাঁজি তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া দুলীয়াজান, মেয়াও, ডিব্ৰুগড়, যোৰহাটৰ ২৫৫ যোৰা দম্পতীৰ বিবাহপাশত আৱদ্ধ হয়। প্ৰথমে পুৱাৰ ভাগত চহৰখনৰ দেৱী পুখুৰীত পানী তুলি এক বিশাল কলহ যাত্ৰাৰ জৰিয়তে চহৰখন পৰিভ্ৰমণ কৰাৰ পাছত মুখ্যস্থান শিৱধাম মন্দিৰত উপস্থিত হৈ সমাপ্ত কৰে। তাৰ পাছতে পণ্ডিতৰ উপস্থিতি ক্ৰমান্বয়ে মাংগলিক ৰীতিনীতিয়ে অগ্নিদেৱতাক সাক্ষী কৰি ইজনে সিজনক মালা পিন্ধাই বিবাহপাশত আৱদ্ধ হয়। আজি আয়োজিত সামূহিক বিবাহ সংস্কাৰ আয়োজক সমিতিৰ সভাপতি কাজল গোঁহাই কয় যে বহু সময়ত আৰ্থিক অসুবিধাৰ বাবে হিন্দু সনাতনী ধৰ্মৰ লোকসকলে বিবাহৰ নীতি নিয়ম কৰিব নোৱাৰে ৷ তেনে কিছু অসুবিধাৰ সুবিধা লৈ অন্য ধৰ্মৰ লোকসকলে ধৰ্মান্তৰ কৰি আহিছে। গতিকে তেনে লোকসকলৰ কথা চিন্তা কৰিয়েই আজি এই সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আজি অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি সভাপতি ডা° উমেশ চক্ৰৱৰ্তী, সম্পাদক পৰাগ কলিতা, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কায্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে আদিকৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
প্ৰেৰক বিবেক বড়া