নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত নতুনকৈ আক্রান্ত ২৫৯, মৃত ৭জন

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে ক’ভিড সংক্রমণ৷ দেওবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২৫৯জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৭৪জন লোক কামৰূপ মহানগৰ জিলাৰ৷

তদুপৰি যোৰহাটৰ ৩৪জন, শিৱসাগৰৰ ২৬জন আৰু ডিব্রুগড়ৰ ১৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ২৮,২৫১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৯২ শতাংশ৷ ইপিনে ক’ভিডৰ পৰা সুস্থ হৈছে ২৫৯জন লোক৷ বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৩,৭০৯জন৷

দেওবাৰে ক’ভিডত মৃত্যু হৈছে ৭জন লোকৰ৷ গোৱালপাৰা, বৰপেটা, যোৰহাট, কামৰূপ, কার্বি আংলং, লখিমপুৰ আৰু শিৱসাগৰৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াকে ধৰি ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫,৭৯৭জন লোক৷

আনহাতে ৰাজ্যজুৰি অব্যাহত আছে ক’ভিড ভেকচিন প্রদান প্রক্রিয়া৷ দেওবাৰৰ পর্যন্ত ৰাজ্যত ২,১৯,১৫,১২৮জন লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ১,৭৪,১৬,৩৩৭জনে প্রথম পালি আৰু ৪৫,৭৮,৭৯১জনে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে৷

You might also like