নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি ২৫ অক্টোবৰৰ পৰা সাংস্কৃতিক মহাসংগ্রাম

বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ ৰাজ্যখনৰ যুৱ শক্তিৰ মাজত থকা সম্ভাৱনাক বিকশাই তোলাৰ বাবে এক মঞ্চ প্রদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে আয়োজন কৰিবলগীয়া অসম সাংস্কৃতিক মহাসংগ্রামৰ স্মৃতি চিহ্ন, প্রতীক চিহ্ন, শীর্ষ গীত, পর্টেল আৰু বিচাৰকৰ কীট আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উল্লেখযোগ্য যে সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত অসম সাংস্কৃতিক মহাসংগ্রাম ২০২৩ চনৰ ২৫ অক্টোবৰৰ পৰা ২০২৪ চনৰ ৭ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হব৷ এই প্রতিযোগিতা তিনিটা পর্যায়ত অনুষ্ঠিত হব৷ গ্রুপ–এত ১২ ৰ পৰা ১৮ বছৰ, গ্রুপ–বিত ১৯ৰ পৰা ২৪ বছৰ আৰু প্রুগ–চিত ২৫ ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱক–যুৱতীসকলে অংশগ্রহণ কৰিব৷ জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্র সংগীত, ৰবীন্দ্র সংগীত, বিহু নৃত্য দলীয় আৰু লোক নৃত্য দলীয় প্রতিযোগিতা গাঁও পঞ্চায়ত, ৱার্ড, ভি চি ডি চি, এম এ চি পর্যায়ত অনুষ্ঠিত হব৷ এই পর্যায়ত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্রতিযোগীসকলে বিধানসভা পর্যায়ত প্রতিযোগিতাত অংশগ্রহণ কৰিব৷ ঠিক একেদৰে বিধান সভা সমষ্টি পর্যায়ত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা সকলে জিলা পর্যায়ত প্রতিযোগিতাত অংশগ্রহণ কৰিব৷ এই প্রতিযোগিতাৰ ফাইনেল গুৱাহাটীত অনুষ্ঠিত হব৷ জিলা পর্যায়ত বিজয়ীসকলে ৰাজ্যিক পর্যায়ৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব৷ প্রতিযোগিতাত বিজয়ীসকলক প্রমাণপত্র, স্মাৰক আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হব৷  এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে সকলো শ্রেণীৰ জনসাধাৰণৰ বিকাশ ক্ষিপ্রতৰ কৰি তুলিবলৈ সাংসৃক্তিক সৱলীকৰণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ অসম সাংসৃক্তিক মহাসংগ্রামৰ জৰিয়তে যুৱ প্রজন্মৰ অন্তনির্হিত প্রতিভাক এক পৰিচয় প্রদান কৰাৰ লগতে যুৱক-যুৱতীসকলৰ্ সামগ্রিক ব্যক্তিত্বক বিকশাই তোলাৰো লক্ষ্য লোৱা হৈছে৷ তেওঁ আশা প্রকাশ কৰি কয় যে এই মহাসংগ্রামখনে যুৱপ্রজন্মৰ প্রতিভাক বিকশাই তোলাৰ এক মঞ্চলৈ ৰূপান্তৰিত হব৷ মুখ্যমন্ত্রীয়ে কয় যে তিনি হাজাৰ স্থানত আয়োজন কৰা এই মহাসংগ্রামত সমগ্র ৰাজ্যখনৰে ১০ লাখ প্রতিযোগীয়ে অংশগ্রহণ কৰিব৷ ৰাজ্য চৰকাৰে ইয়াৰ বাবে ৩৬ কোটি টকা আৱণ্টন কৰিছে৷ মুখ্যমন্ত্রীয়ে এই কার্যসূচী ৰূপায়ণৰ বাবে আয়োজকসকলক কাৰো পৰা কোনোধৰণৰ দান–বৰঙণি সংগ্রহ নকৰিবলৈও আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে প্রতিজন বিধায়কে নিজৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ১০ শতাংশ ধন মহাসংগ্রামৰ বাবে ব্যয় কৰিব পাৰিব৷  মুখ্যমন্ত্রীয়ে এই অনুষ্ঠানৰ সফল পৰিচালনাৰ বাবে সকলোকে সহযোগিতা আগববাবলৈ আহ্বান জনায়৷ তেওঁ কয় যে এই প্রতিযোগিতাৰ মাধ্যমেৰে নৱপ্রজন্মৰ বহু যুৱক–যুৱতীয়ে নিজৰ প্রতিভা প্রদর্শনৰ সুযোগ লাভ কৰিব৷ অনুষ্ঠানত মন্ত্রী বিমল বড়া, জয়ন্ত মল্লবৰুৱা, ইউ জি ব্রহ্ম, যোগেন মহন, সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
সুঃদঃ  পুঃডেঃ
১০১০২০২৩
You might also like