🔹 সামাজিক মাধ্যমযোগে সদৰী কৰিলে মুখ্যমন্ত্রীয়ে
বিশেষ বাৰ্তা, ১২ এপ্রিল : ২৬/১১ৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক ভাৰতলৈ প্রত্যর্পণ কৰাৰ পাছতে পুনৰ মুম্বাই আক্রমণৰ ঘটনা সজীৱ হৈ উঠিছে ৷ ১৬ বছৰ পূর্বে সংঘটিত এই ভয়ানক ঘটনাৰ অভিজ্ঞতাক সুঁৱৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ১৬ বছৰ আগৰ উক্ত দিনটোতে নিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা থকাৰ কথা আছিল মুম্বাইৰ তাজ হোটেলত৷ কিন্তু সৌভাগ্যক্রমে অন্তিম মুহূর্তত মুখ্যমন্ত্রীগৰাকীয়ে তাজ হোটেলত নাথাকি আন এখন হোটেললৈ গ’ল৷ সেইদিনাই তাজ হোটেলত সংঘটিত হৈছিল সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণ৷ ২৬/১১ৰ দিনটোক সুঁৱৰি সামাজিক মাধ্যমত মুখ্যমন্ত্রীগৰাকীয়ে এই কথা উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে তেওঁৰ সামাজিক মাধ্যমত এই বিষয়ে লিখিছে– ২৬/১১ৰ সেই বিশেষ দিনটোত মই মুম্বাইতে আছিলোঁ আৰু আনকি তাজ হোটেলত থকাৰ কথায়েই আছিল৷ কিন্তু ভাগ্যই যেন নির্ধাৰণ কৰাৰ দৰে শেষ মুহূর্তত পৰিকল্পনা সলনি হোৱাৰ বাবে তাৰ পৰা ওলাই আন এখন হোটেলত আছিলোঁ৷ তথাপি সেই নিশাটোৰ কথা কাহানিও পাহৰিব নোৱাৰোঁ৷ সেইনিশা সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ গৈছে৷ আজিও স্পষ্টভাৱে মনত আছে ঘটনাৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রীয় নিৰাপত্তাৰক্ষী অর্থাৎ এনএছজি কার্যকলাপ প্রত্যক্ষ কৰোঁতে মনলৈ বাৰে বাৰে আহিছিল– এদিন নহয় এদিন এই জঘন্য কাণ্ডৰ আঁৰত থকা মাষ্টাৰমাইণ্ডসকলক উচিত শাস্তি প্রদান কৰিব ৷ প্রায় ডেৰ দশক পাছত দেশ কঁপোৱা এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ ঘূৰাই অনা দেখি কেৱল কেছটো চূড়ান্ত নিষ্পত্তিৰ দিশে গতি কৰিব বুলি ভবাৰ লগতে আমাৰ দেশৰ নেতৃত্বক অনুধাৱন কৰিও পুনৰ এক আত্মবিশ্বাসেৰে মনটি ভৰি পৰিছে৷ যেতিয়ালৈকে আমাৰ এক সবল আৰু নির্ণায়ক নেতৃত্ব আছে, শত্রুপক্ষীয় এজেণ্টসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ আগতে এবাৰ–দুবাৰ নহয়, বহুবাৰ ভাবিব লাগিব৷ মন কৰিবলগীয়া যে ২৬/১১ মুম্বাই নৰসংহাৰৰ মাষ্টাৰমাইণ্ড পাকিস্তানী বংশোদ্ভৱ কানাডাৰ নাগৰিক ৬৪ বছৰীয়া তাহাউৰ হুছেইন ৰাণাক শেহতীয়াকৈ ভাৰতলৈ প্রত্যর্পণ কৰিবলৈ সক্ষম হৈছে কেন্দ্রীয় চৰকাৰে৷ দীর্ঘকাল লছ এঞ্জেলছৰ কাৰাগাৰত বন্দী হৈ থকা পাকিস্তান সেনাৰ পূর্বৰ চিকিৎসক ৰাণাই পাকিস্তান–আমেৰিকান সন্ত্রাসবাদী ডেভিড কোলমান হেডলীক সংগী হিচাপে লৈ আইএছআইৰ নির্দেশত ২০০৮ চনত মুম্বাই আক্রমণৰ ষড়যন্ত্র কৰিছিল৷