নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ ডিচেম্বৰৰ পৰা ২৬,৯৬৯ শিক্ষার্থীলৈ আনন্দৰাম বৰুৱা বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ডিচেম্বৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ২৬,৯৬৯গৰাকী শিক্ষার্থীক শিক্ষা বিভাগে প্রদান কৰিব আনন্দৰাম বৰুৱা বঁটা৷ এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অহা ১১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে এই বঁটাৰ শুভাৰম্ভ কৰা হ’ব৷ শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি চলিত বর্ষৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰা শিক্ষার্থীক ১২,৫০০ টকা বেংক একাউণ্টৰ জৰিয়তে প্রদান কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে প্রতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা শিক্ষার্থীক আনন্দৰাম বৰুৱা বঁটা প্রদান কৰি আহিছে৷ পূর্বে এই বঁটাত লেপটপ প্রদান কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে বিগত বর্ষসমূহৰ পৰা ছাত্র–ছাত্রীসকলক এই বঁটাৰ বাবদ বেংক একাউণ্টযোগে ধন প্রদান কৰি আহিছে৷ শিক্ষামন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমত প্রকাশ কৰা অনুসৰি অহা ১১ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বঁটাৰ শুভাৰম্ভ কৰিব আৰু পৰৱর্তী সময়ত জিলাই জিলাই এই বঁটাসমূহ প্রদান কৰা হ’ব৷ প্রতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিত এই বঁটাসমূহ প্রদান কৰিব৷ ইয়াৰ লগতে নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ কাৰণে বাইচাইকেল বিতৰণ কার্যসূচীও শিক্ষা বিভাগে ৰূপায়ণ কৰিব৷ আনহাতে, ১১ ডিচেম্বৰতেই ড০ বাণীকান্ত কাকতি বঁটাও প্রদান কৰা হ’ব৷ এই বঁটাৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষত ৭৫ শতাংশ লাভ কৰা ছাত্র আৰু ৬০ শতাংশ লাভ কৰা ছাত্রীক প্রদান কৰা হ’ব একোখনকৈ স্কুটী৷ ৪৮,৬৭৩গৰাকী ছাত্র–ছাত্রীক শিক্ষা বিভাগে এইবাৰ ড০ বাণীকান্ত কাকতি বঁটা প্রদানৰ বাবে প্রস্তুত হৈছে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে প্রকাশ কৰা অনুসৰি ১১ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কামৰূপ আৰু কামৰূপ মহানগৰ জিলা দুখনৰ ছাত্র–ছাত্রীসকলক আনন্দৰাম বৰুৱা বঁটা আৰু ড০ বাণীকান্ত কাকতি বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰি ইয়াৰ শুভাৰম্ভ কৰিব৷ সমান্তৰালভাৱে নৱম শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে বাইচাইকেল বিতৰণৰ কার্যসূচীও শুভাৰম্ভ কৰিব৷ শিক্ষামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিভাগে পঞ্চম আৰু অষ্টম শ্রেণীৰ বাবে পূর্বে অনুষ্ঠিত হোৱা মুখ্যমন্ত্রীৰ বৃত্তি পৰীক্ষাৰ নাম সলনি কৰি আনন্দৰাম বৰুৱা বঁটা প্রদানৰ বাবেও এক আঁচনি প্রস্তুত কৰিছে৷

You might also like