২৭ ফেব্রুৱাৰীত যোগী আদিত্য নাথৰ উপস্থিতিত উন্মোচন কৰিব প্রধানমন্ত্রী মোদীয়ে
পুৰণিগুদামৰ নির্মীয়মাণ মহা মৃত্যুঞ্জয় মন্দিৰত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ নগাঁৱৰ পুৰণিগুদাম ভেৰভেৰী নৰসিংহ ক্ষেত্রত নির্মাণ চলি থকা ১২৬ ফুট উচ্চতাৰ বিশ্বৰ সর্ববৃহৎ লিংগাকাৰ মন্দিৰ ৰূপে পৰিচিত মহা মৃত্যুঞ্জয় মন্দিৰত মঙলবাৰে পুৱা মন্ত্রী তথা শ্রীশ্রী মহা মৃত্যুঞ্জয় সেৱা ট্রাষ্টৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হয়৷ উজনি অসম ভ্রমণ সামৰি সাংসদ পল্লৱলোচন দাস, কার্বি স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী তুলিৰাম ৰংহাং, পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন পৰিষদৰ উপাধ্যক্ষ জিতু গোস্বামী আৰু নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথৰ সৈতে মন্ত্রীগৰাকী মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ আশিস গ্রহণ কৰে আৰু ইয়াৰ পাছতেই মন্দিৰৰ অন্যান্য বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷
উল্লেখ্য যে ২০১০ চনৰ পৰা বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্রত নির্মাণকার্য চলি থকা ১২৬ ফুট উচ্চতাৰ মন্দিৰটো অহা মাঘী সপ্তমী তিথিত ১০৮ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞৰে ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি বৈদিক ৰিছার্জ এণ্ড গ্ল’বেল ষ্টাডী চেণ্টাৰৰ সভাপতি প্রবীণ গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ ইয়াৰ পূর্বে মন্দিৰটো ডিচেম্বৰত ভক্তৰ বাবে মুকলি কৰাৰ কথা আছিল যদিও আজি ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত হোৱা এক আলোচনাত উদ্বোধনী অনুষ্ঠান ২০২১বর্ষৰ ফেব্রুৱাৰী মাহলৈ পিছুৱাই দিয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ উপস্থিতিত বিশ্বৰ ভিতৰতেই সর্ববৃহৎ লিংগাকাৰ মন্দিৰটো ২০২১ চনৰ ২৭ ফেব্রুৱাৰীত দিনৰ ১২.৪৫ বজাত উদ্বোধন কৰিব বুলি ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ উল্লেখ্য যে বিশ্বৰ ভিতৰতে সর্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰত ১১ দিনীয়া উদ্বোধনী কার্যসূচীৰ বাবে এতিয়া প্রস্তুতি তুংগত উঠিছে৷ আনহাতে, মহা মৃত্যুঞ্জয় মন্দিৰলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে৷