৯৯.৩৩ পাৰ্চেন্টাইলেৰে গৌৰৱ কঢ়িয়ালে চন্দন জ্যোতি মোহনে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ পুনৰ আজমল ছুপাৰ-৪০ৰ চমক। সৰ্বোচ্চ ৯৯.৩৩ পাৰ্চেন্টাইলেৰে গৌৰৱ কঢ়িয়াই আনিলে চন্দন জ্যোতি মোহনে। সদ্যঘোষিত ২০২৪ বৰ্ষত JEE (MAINS) পৰীক্ষাত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনিলে আজমল ছুপাৰ-৪০এ। উল্লেখযোগ্য যে প্ৰতিবছৰে NEETত উত্তৰ-পূৱত এক সুকীয়া পৰিচয় লাভ কৰি আহিছে আজমল ছুপাৰ-৪০য়ে আৰু এইবাৰো JEEত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনে। JEE পৰীক্ষাত চন্দন জ্যোতি মোহনে ৯৯.৩৩ পাৰ্চেন্টাইল, নাজমুজ চাকিব ৯৯.২৯ পাৰ্চেন্টাইল, মাৰুফ ইমতিয়াজে ৯৯.২৩ পাৰ্চেন্টাইল, মুমিনাৰা ইয়াছমিনে ৯৮.৯৮ পাৰ্চেন্টাইল, মেহদি হাচানে ৯৮.৮ পাৰ্চেন্টাইল আৰু কৰণ বড়োৱে ৯৮.৫৪ পাৰ্চেন্টাইলৰ লগতে ২৭গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে ৯০ৰো ওপৰত পাৰ্চেন্টাইল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। এই সফলতাত উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমল৷ আজি আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ-৪০ৰ মুখ্য কাৰ্যালয়ত চন্দন জ্যোতি মোহনৰ লগতে সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ মহাপ্ৰবন্ধক এম আৰ এইচ আজাদে। আনহাতে মৃদুপৱন কলিতাক আজমল ফাউণ্ডেচনে সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদানৰ সুবিধা কৰি দিছিল, অৱশেষত কলিতাই ৯৫.৮ পাৰ্চেন্টাইলেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।