নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰণ পথ : ১০ বছৰত অসমত পথ দুর্ঘটনাত ২৭,৫৪৮জনৰ মৃত্যু

📌লোকসভাত কেন্দ্রীয় পথ পৰিবহণ–ঘাইপথ মন্ত্রী গাডকাৰিৰ উদ্বেগজনক তথ্য

বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ যোৱা দহ বছৰত উত্তৰপূৰ্বাঞ্চলত পথ দুৰ্ঘটনাত ৩৫,০২৪ জন লোকৰ প্ৰাণহানী ঘটিছে। ইয়াৰ ভিতৰত কেৱল অমতেই প্ৰাণ হেৰুৱাইছে ২৭,৫৪৮ জন লোকে। লোকসভাত কেন্দ্ৰীয় পথ পৰিহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকৰীয়ে এই উদ্বেগজক তথ্য প্ৰদান কৰিছে। সদনৰ প্ৰশ্নোত্তৰকালত পাঞ্জাবৰ আম আদমী পাৰ্টিৰ সাংসদ গুৰমীত সিং মিত হায়াৰে পথ দুৰ্ঘটনা সংক্ৰান্ত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গাডকৰীয়ে প্ৰদান কৰা বিস্তাৰিত তথ্য অনুসিৰ ২০১৬ চনৰ পৰা ২০২২ চনলৈকে অসমৰ বাহিৰে অৰুণাচল প্ৰদেশত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা হৈছে ১,৩২৮জন। অনুৰূপভাবে যোৱা দহ বছৰত মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, চিক্কিম আৰু ত্ৰিপুৰাত নিহত লোকৰ সংখ্যা হৈছে ক্ৰমে ১,৩৪৩; ১,৬৪০; ৭০৬; ৪৭৪; ৭১৩ আৰু ১,৯৮৫। অতিশয় উদ্বেগজনক বিষয়টো হৈছে সমগ্ৰ দেশত উক্ত কালছোৱাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১৫,০২,৪১৬। আনহাতে বিভাগীয় মন্ত্ৰীজনৰ লিখীত বিবৃতিত প্ৰকাশ পোৱা মতে, অসমত প্ৰাণহানী হোৱা ২৭,৫৪৮ জন লোকৰ ভিতৰত ১৮ অনুৰ্ধ লোকৰ সংখ্যা হৈছে ২,১৯১ জন। ১৮ৰ পৰা ২৫ বছৰীয়া লোকৰ সংখ্যা হৈছে ৫,৬৮৫। লক্ষ্যনীয়ভাৱে ২৫ৰ পৰা ৬০ বছৰীয়া তালিকাত সৰ্বাধিক ১২,৪২৩ জন লোকৰ প্ৰাণহানী ঘটিছে। আনহাতে নিহত হোৱা ৬০ উৰ্ধ লোকৰ সংখ্যা হৈছে ৫৮২ জন। উল্লেখ্য যে মন্ত্ৰী গাডকৰীয়ে প্ৰকাশ কৰা মতে, পথ দুৰ্ঘটনাত আহত লোকসকলক নগদবিহীন বিনামূলীয়া চিকিতসাসেৱা প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে দেশৰ ছয় খন ৰাজ্যত পাইলট প্ৰকল্প হিচাপে গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে অসমৰ নাম। অসমৰ বাহিৰে চণ্ডীগড়, হাৰিয়াণা, পাঞ্জাব, উত্তৰাখণ্ড আৰু পডুচেৰীত এই সেৱা আগবঢ়াই থকা হৈছে।

প্ৰেৰক কল্লোল ভৌমিক

You might also like