নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ ডিচেম্বৰৰ পৰা খানাপাৰাত অসম গ্রন্থমেলা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ গুৱাহাটীৰ চানমাৰিৰ পৰিৱর্তে খানাপাৰাত অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ ১২দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা৷ অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গ্রন্থমেলাখন খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব৷ এটা বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰিছে প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই৷ তেওঁ বিবৃতিৰ জৰিয়তে চানমাৰিৰ পৰিৱর্তে এইবাৰ অসম গ্রন্থমেলা কি কাৰণত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে সেয়া সদৰী কৰিছে৷ তেওঁ কয় যে প্রকাশন পৰিষদ আৰু পুথি প্রকাশক–বিক্রেতা সংস্থাই বিগত বছৰকেইটাৰ দৰে এইবছৰ গ্রন্থমেলাখন আয়োজনৰ বাবে প্রস্তুতি চলাইছে যদিও স্থানক লৈ কিছু সমস্যাৰ উদ্ভৱ হৈছিল৷ বিগত বছৰসমূহত গ্রন্থমেলাখন চানমাৰিৰ অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈ আহিছে৷ কিন্তু নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতু নির্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান–জঁটৰ পৰিপ্রেক্ষিতত গ্রন্থমেলাৰ বিকল্প স্থানৰ সন্ধান চলোৱা হয়৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰক বিকল্প স্থান হিচাপে বাছনি কৰা হৈছে যদিও আগন্তুক ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কার্যসূচীৰ বাবে নিৰাপত্তাজনিত কাৰণত খেলপথাৰখন ব্যৱহাৰৰ অনুমতি প্রদানৰ ক্ষেত্রত কিছু অসুবিধাৰ সৃষ্টি হৈছিল৷ অৱশেষত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ তৎপৰতাত খেলপথাৰখন ব্যৱহাৰৰ অনুমতি লাভ কৰা হয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অনুমতিত গৃহ বিভাগে পূর্বৰ নির্দিষ্ট সময়তকৈ দুটা দিন আগুৱাই গ্রন্থমেলাখন অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰে৷ ইয়াৰ ভিত্তিতে অসম গ্রন্থমেলা অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ একেটা বিবৃতিতে কলিতাই কয় যে প্রকাশন প্রতিষ্ঠান তথা অন্যান্য বিপণীৰ বাবে ইতিমধ্যে আবেদন–পত্র মুকলি কৰা হৈছে৷ গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্রকাশন পৰিষদৰ কার্যালয় নাইবা পাণবজাৰৰ যশোৱন্ত পথৰ সৰস্বতী মার্কেটৰ তৃতীয় মহলাত থকা সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ কার্যালয় তথা প্রকাশন পৰিষদৰ ৱেবছাইটৰ পৰা আবেদন–পত্রসমূহ সংগ্রহ কৰিব পাৰিব৷ এই সংগৃহীত আবেদন–পত্র অহা ৩ ডিচেম্বৰৰ ভিতৰত উল্লিখিত ঠিকনাত জমা দিব লাগিব৷ বিপণীৰ জোখ–মাখ আৰু নির্ধাৰিত চর্তাৱলী আবেদন–পত্রত উল্লেখ কৰা হৈছে৷ সচিব কলিতাই লগতে কয় যে অসমৰ লগতে দেশ–বিদেশৰ বহুকেইটা আগশাৰীৰ প্রকাশন গোষ্ঠীয়ে ইতিমধ্যে অসম গ্রন্থমেলাত অংশগ্রহণৰ বাবে যোগাযোগ কৰিছে৷ এই বছৰ গ্রন্থমেলাৰ স্থান সলনি কৰাৰ ফলত বিভিন্ন স্থানৰ পৰা যোৱা বিক্রেতাসকলৰ পৰিবহণ ব্যয় বাঢ়িব পাৰে বুলি অনুমান কৰি আয়োজকসকলে বিপণীৰ ভাৰাৰ দিশটোৰ প্রতিও বিবেচনা কৰিছে৷

You might also like