নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত গুৰুজনাৰ মহাপ্ৰয়াণৰ পৱিত্ৰ ভূমি মধুপুৰত চলিছে পূৰ্ণ প্ৰস্তুতি। অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব মধুপুৰ উৎসৱ আৰু নির্মালী প্ৰদান অনুষ্ঠান। মধুপুৰ উৎসৱৰ প্ৰথম দিনা মধুপুৰ সত্ৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা। পৰিস্থিতিৰ বুজ লবলৈ মধুপুৰ সত্ৰত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰী দাসে পুৱা ধুবুৰী জিলাৰ এখন বিদ্যালয়ৰ গুণ উৎসৱত ভাগ লোৱাৰ পিছতে পোনে পোনে কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ ৰাওনা হয়। উল্লেখ্য যে বুঢ়াৰ পো গোবিন্দ আতৈৰ তিৰোভাব তিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু জিলা প্ৰশাসনৰ সহযোগিতাত উদযাপন হব মধুপুৰ উৎসৱ আৰু নির্মালী প্ৰদান অনুষ্ঠান। ইতিমধ্যে পূৰ্ণ পৰ্য্যায়ৰ প্ৰস্তুতি চলিছে যদিও বছৰ বছৰ ধৰি এশ এবুৰি সমস্যাৰ মাজেৰে ভাৰাক্ৰান্ত গুৰুজনাৰ মহাপ্ৰায়ণৰ পৱিত্ৰ ভূমিৰ মধুপুৰ সত্ৰ। দীর্ঘ বছৰে শ শ বিঘা মাটি বেদখল হৈ আছে সত্ৰৰ। লগতে যিধৰণে উন্নয়ন হব লাগিছিল সেই ধৰণে উন্নয়ন হোৱা নাই মধুপুৰ সত্ৰৰ। কিন্তু ২৯ জানুৱাৰীত মধুপুৰ সত্ৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ বাৰ্তা পাই উৎফুল্লিত সকলো। মধুপুৰ সত্ৰ লৈ এটা ভাল খবৰ আহিব বুলি সকলোৱে আশা বান্ধি ৰাখিছে। লগতে পৰ্যটন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত দাসে মধুপুৰ সত্ৰত উপস্থিত হৈ তিনি দিনীয়া মধুপুৰ উৎসৱৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় আৰু মুখ্যমন্ত্ৰীৰ পৰা ভাল খবৰ পোৱাৰ আশা ব্যক্ত কৰে।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰায়