নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিটিচিত দ্বিতীয় পর্যায়ৰ ভোট বেলটত বন্দী হ’ব হাগ্রামা–খাম্ফাসহ ১১১ প্রার্থীৰ ভাগ্য

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ  আজি   বিটিচিত দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে৷ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ১৯টা পৰিষদীয় সমষ্টিৰ বাবে হ’বলগীয়া এই নির্বাচনত মুঠ ১১১গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ বি পি এফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰী আৰু প্রাক্তন উপ–মুখ্য কার্যবাহী খাম্ফা বৰগয়াৰীৰ ভাগ্য আজি বেলটত বন্দী হ’ব৷ মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও আৰু কচুগাঁও পৰিষদীয় সমষ্টি দুটাৰ পৰা এইবাৰ নির্বাচনত অৱতীর্ণ হৈছে৷ প্রাক্তন উপ–মুখ্য কার্যবাহী বৰগয়াৰী চিৰাং জিলাৰ চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা এইবাৰ নির্বাচনী যুঁজত নামিছে৷ আজি পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ক’ভিড প্রট’কল অনুসৰি ভোটগ্রহণ পর্ব চলিব৷ ইতিমধ্যে পোলিং–প্রিজাইডিং বিষয়াকে ধৰি নির্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া–কর্মচাৰীসক ভোটগ্রহণ কেন্দ্রত উপস্থিত হৈছে৷ প্রশাসনে প্রতিটো ভোটগ্রহণ কেন্দ্রত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷

মন কৰিবলগীয়া এয়ে যে যোৱা ৭ ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত হোৱা প্রথম পর্যায়ৰ নির্বাচনত যিদৰে বি পি এফ, ইউ পি পি এল, বিজেপিৰ মাজত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হৈছে, আজি হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনতো তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ অৱশ্যে দ্বিতীয় পর্যায়ৰ নির্বাচনত বহুকেইটা সমষ্টিত সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টী আৰু কংগ্রেছ–এ আই ইউ ডি এফ মিত্রজোঁটেও নির্বাচনী ফলাফলত নির্ণায়ক ভূমিকা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে এইবাৰ বিটিচি নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল পূর্বৰ তুলনাত যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ লগতে দিছপুৰৰ মিত্রশক্তি বিজেপিৰ পৰাও বি পি এফলৈ এইবাৰ প্রত্যাহ্বান আহিছে৷ ২০১০ চনৰ বিটিচি নির্বাচনত বি পি এফে ৩১টা পৰিষদীয় সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে কংগ্রেছে তিনিটা আৰু নির্দলীয়ই ৬টা সমষ্টি দখল কৰিছিল৷ ২০১৫ চনৰ বিটিচি নির্বাচনত বি পি এফে ২০টা, এ আই ইউ ডি এফে ৪টা, বিজেপিয়ে ১টা আৰু নির্দলীয়ই ৫টা পৰিষদীয় সমষ্টি দখল কৰে যদিও পৰৱর্তী পর্যায়ত এ আই ইউ ডি এফ আৰু নির্দলীয়ৰ সমর্থনত বি পি এফে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ২০১৫ চনৰ নির্বাচনত বি পি এফে ২৮.৫ শতাংশ, অগপই ০.৫০ শতাংশ, চি পি আই (এম)–এ ১ শতাংশ, বিজেপিয়ে ১৩ শতাংশ, কংগ্রেছে ৬ শতাংশ আৰু নির্দলীয়ই ৪৭ শতাংশ ভোট লাভ কৰে৷ আয়োগৰ তথ্য অনুসৰি ২০১০ চনৰ নির্বাচনৰ তুলনাত ২০১৫ চনৰ নির্বাচনত বি পি এফে ১১খনকৈ আসন হেৰুৱায়৷ একেদৰে কংগ্রেছে ৩খন আসন হেৰুৱায়৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফে ২০১৫ চনৰ নির্বাচনত ৮খন আসনত প্রতিদ্বন্দ্বিতা কৰি ৪খন আৰু বিজেপিয়ে ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰি এখন আসন লাভ কৰে৷ সেই দিশৰ পৰা বিশ্লেষণ কৰিলে ২০১৫ চনৰ নির্বাচনৰ পৰাই বি পি এফৰ জনপ্রিয়তা হ্রাস পাবলৈ ধৰে৷

এইবাৰ বি টি আৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ লগতে বিজেপিয়েও সবল ৰূপত আত্মপ্রকাশ কৰা দেখা গৈছে৷ ইউ পি পি এলৰ উত্থানে বড়ো জনগোষ্ঠীৰ ভোটক লৈ বি পি এফক শংকিত কৰিছে৷ সমান্তৰালভাৱে অবড়ো ভোটৰ ওপৰত নির্ভৰ কৰি কোকৰাঝাৰ লোকসভাত একেৰাহে দুবাৰকৈ জয়লাভ কৰা নৱ শৰণীয়াৰ গণ সুৰক্ষা পার্টীৰ সন্মুখত এইবাৰ ডাঙৰ প্রত্যাহ্বান হিচাপে থিয় দিছে বিজেপি৷ যোৱা দিনসমূহত বিটিচিৰ নির্বাচনী প্রচাৰ অভিযানত বিজেপিয়ে অবড়োৰ সুৰক্ষা আৰু অধিকাৰক লৈ যি সবল স্থিতি আৰু ভূমিকাৰ বিষয়ে উল্লেখ কৰিছে, স্বাভাৱিকতে অঞ্চলটোৰ অবড়ো জনগোষ্ঠী নৱ শৰণীয়াৰ গণ সুৰক্ষা পার্টীতকৈও বিজেপিৰ ওচৰত অধিক নিৰাপদ যেন অনুভৱ কৰা দেখা গৈছে৷ ইয়াৰ প্রতিফলন ঘটিছে বিজেপিৰ নির্বাচনী সমাৱেশসমূহত হোৱা বিশাল জনসমাগমত৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বিটিচিত জনসংখ্যাৰ দিশেৰে ২৭ শতাংশ লোকহে বড়ো জনগোষ্ঠীৰ৷ বাকী ৭৩ শতাংশ লোকেই হৈছে অসমীয়া হিন্দু, কোচ ৰাজবংশী, ধর্মীয় সংখ্যালঘু, বাঙালী হিন্দু, আদিবাসী, নেপালী ইত্যাদি৷ এই ৭৩ শতাংশৰ ভিতৰত ধর্মীয় সংখ্যালঘু সম্প্রদায়ে স্বাভাৱিকতে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রজোঁটৰ প্রার্থী অথবা নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টীৰ প্রার্থীক সমর্থন দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ সেইদৰে বাঙালী হিন্দু, কোচ ৰাজবংশী, নেপালী সম্প্রদায়ৰ লগতে আদিবাসীৰ এক বৃহৎ অংশই বিজেপিৰ পক্ষত ভোটদান কৰাৰ সম্ভাৱনাই প্রবল৷ আনহাতে, অঞ্চলটোত বসবাস কৰা অবড়োসকলৰ ভিতৰত বি পি এফেও এক নির্দিষ্ট ভোট লাভ কৰাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷ অবড়োৰ ভোট যিমানেই বিভাজন হ’ব, সিমানেই উপকৃত হ’ব প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দল৷ অৱশ্যে এই ছবিখন সম্পূর্ণৰূপে পৰিষ্কাৰ হ’ব অহা ১২ ডিচেম্বৰত হ’বলগীয়া ভোটগণনাৰ অন্ততহে৷

You might also like