নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩.৬৯ লাখ ছাত্রীক প্রদান কৰিব চাইকেল

🔹 ১৩ অক্টোবৰত জিলাই জিলাই কৰা হ’ব বিতৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : শিক্ষার্থীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আন এখন অভিলাষী আঁচনি গ্রহণ কৰিছে৷ মেধাৱী শিক্ষার্থীক লেপটপ আৰু স্কুটী প্রদানৰ পাছত এইবাৰ নৱম শ্রেণীৰ ছাত্রীক চাইকেল বিতৰণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অহা ১৩ অক্টোবৰত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ নৱম শ্রেণীৰ ছাত্রীসকলক চৰকাৰে চাইকেল প্রদান কৰিব৷ ইতিমধ্যে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেই অনুসৰি অহা ১৩ অক্টোবৰত ৰাজ্যৰ ৩.৬৯ লাখ নৱম শ্রেণীৰ ছাত্ৰীক চাইকেল প্রদান কৰা হ’ব৷ প্রতিখন জিলা সদৰত অনুষ্ঠানৰ জৰিয়তে নৱম শ্রেণীৰ শিক্ষার্থীসকলক চাইকেলসমূহ বিতৰণ কৰিব ৰাজ্য চৰকাৰে৷ ইয়াৰে কেইবাটাও অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী কেবিনেট মন্ত্রীয়ে ভাগ ল’ব৷ স্বাভাৱিকতে ৰাজ্য চৰকাৰখনৰ এই সিদ্ধান্তই নৱম শ্রেণীৰ ছাত্রীসকলক আনন্দিত কৰি তুলিছে৷ দূৰণিবটীয়া ছাত্রীসকলে বিদ্যালয়লৈ অহা–যোৱাৰ ক্ষেত্রত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্রতি লক্ষ্য ৰাখি চাইকেল বিতৰণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ চৰকাৰৰ এই সিদ্ধান্তক ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ নৱম শ্রেণীৰ ছাত্রীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলে আদৰণি জনাইছে৷ চৰকাৰৰ এই সিদ্ধান্তই তেওঁলোকৰ দীর্ঘদিনীয়া এক সমস্যা সমাধান কৰিব বুলিও মতপোষণ কৰিছে৷

You might also like