তিনিটা দিনত ৪ লক্ষাধিক ব্যক্তিৰ ক’ভিড পৰীক্ষা স্বাস্থ্য বিভাগৰ
ৰাজ্যত ক্রমশঃ হ্রাস পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ স্বাস্থ্য বিভাগৰ যুদ্ধকালীন তৎপৰতাত ৰাজ্যত ক্রমাগতভাৱে ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস পাইছে যদিও প্রতিদিনে বৃদ্ধি পাবলৈ লৈছে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা৷ বুধবাৰে পুনৰ ১৭গৰাকী ক’ৰোনা আক্রান্তৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰে৷ মৃত্যু হোৱা লোককেইগৰাকী হ’ল– লখিমপুৰৰ দিলৱাৰ হুছেইন হাজৰিকা (৬২), হেমচন্দ্র বৰুৱা (৫৪), নাৰায়ণ পেগু (৫২), ডিব্রুগড়ৰ ডাঃ অনিল তামুলী (৬৭), ৰুকুনুদ্দিন আহমেদ (৫২), সুবোধ চৌধুৰী (৭২), দৰঙৰ জেহেৰুল ইছলাম (১৫), মৰিগাঁৱৰ সত্যদেৱ শর্মা (৭৮), নগাঁৱৰ প্রেমলাল কোঁৱৰ (৫৫), ৰবীন বৰা (৫৪), যোৰহাটৰ টুলু চেতিয়া (৮০), শোণিতপুৰৰ চেনিমাই দাস (৮৫), কোকৰাঝাৰৰ অভিজিৎ বিশ্বাস (৩৩), কৰিমগঞ্জৰ বাণী প’ল চৌধুৰী (৮০), নলবাৰীৰ জানকী ডেলা (৮২), কাছাৰৰ সঞ্জয় শুৰ (২৫) আৰু কামৰূপৰ হুছেইন আলী (৬৫)৷ ৰাজ্যত এতিয়ালৈ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯৭লৈ বৃদ্ধি পালে৷
উল্লেখ্য যে ক’ৰোনাৰ সংক্রমণ বৃদ্ধিৰ সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা ১ লাখকৈ লোকক ক’ভিড পৰীক্ষাৰ লক্ষ্য বান্ধি লৈছিল৷ সেইমর্মে ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত স্বাস্থ্য বিভাগে ৪,০৩,৫০৬গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ টুইট অনুসৰি ২৮ ছেপ্টেম্বৰত ১,২০,১৫৬গৰাকী, ২৯ ছেপ্টেম্বৰত ১,৩৪,৫৭০গৰাকী আৰু ৩০ ছেপ্টেম্বৰত ১,৪৮,৭৮০গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হয়৷ স্বাস্থ্য বিভাগে যোৱা তিনিটা দিনৰ প্রতিদিনে ১ লাখতকৈও অধিক লোকক ক’ভিড পৰীক্ষা কৰাত সফল হোৱা বাবে মন্ত্রী ড০ শর্মাই প্রতিগৰাকী স্বাস্থ্যকর্মীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ লক্ষণীয়ভাৱে যোৱা তিনিটা দিনত ১ লাখ লোকক লক্ষ্য কৰি ক’ভিড পৰীক্ষা কৰাৰ পাছত ৰাজ্যত ক’ৰোনা আক্রান্তৰ হাৰ কিছু হ্রাস পোৱাটো পৰিলক্ষিত হৈছে৷ এই সময়ছোৱাত আক্রান্তৰ হাৰ হৈছেগৈ ২.৪১ শতাংশ৷ ইফালে, ২৪ ঘণ্টাত ৰাজ্যত পজিটিভ ৰূপে চিনাক্ত হৈছে ৩,৫৯০গৰাকী লোক৷ ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা ১,৮০,৮১১গৰাকীলৈ বৃদ্ধি পালে৷ অৱশ্যে বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিছে ১,৪৩,৯৯৯গৰাকী লোক৷ এতিয়াও চিকিৎসাধীন হৈ আছে ৩৬,১১২গৰাকী লোক৷