ক’ৰোনাত আক্রান্ত হৈ ৩জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ক’ৰোনা সংক্রমণ ৰাজ্যত হ্রাস পাই অহাৰ সময়তে পুনৰ তিনিগৰাকী লোকৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি সোমবাৰে বৰপেটা জিলাৰ কর্ণ খাটনিয়াৰ (৭৫), শোণিতপুৰ জিলাৰ মদম কাফে (৭৩) আৰু কামৰূপ মহানগৰ জিলাৰ চমচেৰ আলীৰ (৬৬) ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ ৰাজ্যত এতিয়ালৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,০২০৷ মৃত্যুৰ হাৰ হ’ল ০.৪৭ শতাংশ৷
আনহাতে, সোমবাৰৰ দিনটোত ১০১গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ কালিৰ দিনটোত ২৪,১৩৯গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ এইসকলৰ ভিতৰত ১০১গৰাকী লোক পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ ০.৪২ শতাংশ৷ কামৰূপ মহানগৰ জিলাত কালিৰ দিনটোত ৩৫গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ এতিয়ালৈ ৰাজ্যত মুঠ ২,১৫,৫১০গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷
আনহাতে, ক’ৰোনামুক্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ২,১০,৯৬২গৰাকী৷ এতিয়াও চিকিৎসাধীন হৈ আছে ৩,৫২৫গৰাকী লোক৷ সোমবাৰে চিকিৎসালয়ৰ পৰা পুনৰ ৯৩গৰাকী ক’ৰোনামুক্ত লোকক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ ক’ৰোনামুক্ত হোৱা লোকৰ হাৰ হ’ল ৯৭.৮৯ শতাংশ৷ আনহাতে, মুঠ আক্রান্তৰ হাৰ হ’ল ১.৬৩ শতাংশ৷