ৰংজুলিত শোকাৱহ পথ দুৰ্ঘটনা : মাতৃ-পুত্ৰসহ থিতাতে নিহত ৩
নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰ : ৰাজপথত পুনৰ মৃত্যুৰ কিৰীলি! গোৱালপাৰা জিলাৰ ৰংজুলিত আজি দুপৰীয়া সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় মাতৃ-পুত্ৰসহ আন এগৰাকী মহিলা ৷ ৰংজুলি থানাৰ অন্তৰ্গত দোসীমাপাৰাত ১৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷ গোৱালপাৰা অভিমুখী এএছ০১/ডিএল-৭৭৯৯ পঞ্জীয়ন নম্বৰৰ ফোৰ্ড ফিগো বাহন আৰু গুৱাহাটী অভিমুখী এএছ২৫ এফচি/৩৫১৪ পঞ্জীয়ন নম্বৰৰ তীব্ৰ বেগী আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু এগৰাকী কিশোৰ থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই শোকাহত কৰি তুলিছে সমগ্ৰ অঞ্চলটোত ৷ ভয়ংকৰ দুৰ্ঘটনাত নিহত সকল হৈছে মীনা ৰাভা (৪৫), মঞ্জু ৰায় (৫৫) আৰু কৃতো ৰায় (১৪)৷ ইয়াৰে মীনা ৰাভা আৰু কৃতো ৰায় মাতৃ পুত্ৰ আৰু মঞ্জু ৰায় মীনাৰ খুৰীশাহু৷ ইয়াৰে মীনা ৰাভা দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল৷ নিহত মাতৃ-পুত্ৰৰ ঘৰ দুধনৈৰ পদুম পুখুৰীত আৰু মঞ্জু ৰায়ৰ ঘৰ দুধনৈৰ ঠেকাচু প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে ফিগো বাহনৰ যাত্ৰী সকল ধূপধৰাৰ আত্মীয়ৰ ঘৰৰ পৰা দুধনৈৰ নিজৰ ঘৰলৈ গৈ আছিলl দুৰ্ঘটনাৰ ফলত আলট্ৰা বাছখনৰ ৯গৰাকী যাত্ৰীও আহত হয় আৰু স্থানীয় ৰাইজ আৰু ৰংজুলি আৰক্ষীয়ে তৎক্ষণাৎ ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰে l অৱশ্যে যাত্ৰী কেইগৰাকী গুৰুতৰ ভাবে আহত নোহোৱা বাবে প্ৰাথমিক চিকিৎসা কৰিয়ে ঘৰলৈ যাব দিয়া বুলি চিকিৎসকে জানিবলৈ দিছে ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ফোৰ্ড ফিগো বাহন খন সম্পূৰ্ণৰূপে চুচুৰ্মৈ হৈ পৰা বাহনখনৰ পৰা এক্সকেভেটৰ ব্যৱহাৰ কৰিহে ৰাইজ আৰু আৰক্ষীয়ে মহিলা দুগৰাকীৰ মৃতদেহ বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়৷ লগতে নিহত কিশোৰ গৰাকী দুৰ্ঘটনাৰ ফলত ৰাজপথত চিটিকি পৰে৷ নিহত আটাইকেইগৰাকীকে আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে৷ আলট্ৰা বাছ খনৰ তীব্ৰ বেগৰ বাবেই ভয়ংকৰ দুৰ্ঘনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰত্যেক্ষদৰ্শী লোকে ৷ আনহাতে চাৰিলেনযুক্ত (four lane) ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মূল পথ থেক হৈ অহাৰ সমান্তৰাল ভাবে একাংশ দ্ৰুতবেগী আলট্ৰা বাছৰ মইমতালিৰ ফলতো ৰাজপথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ কৰিছে ৰাইজে৷ ভয়ংকৰ পথ দুৰ্ঘটনাত তিনি লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক লৈ শোকৰ ছাঁ পৰিছে ৰংজুলি দুধনৈৰ লগতে মীনা ৰাভাৰ কৰ্মস্থলী দৰংগিৰি অঞ্চলতো গভীৰ শোকৰ ছাঁ পৰিছে ৷
প্ৰেৰক কল্যাণ ৰয়