৩ মাহত ৰাজ্যত ৩৪,৬০৬ শিশু–কিশোৰ ক’ভিড পজিটিভ
স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উদ্বেগজনক তথ্যঃ দ্বিতীয় ঢ়ৌত ৰাজ্যত আক্রান্তৰ ১২ শতাংশই শিশু–কিশোৰ
নিয়মীয়া বাৰ্তা ২৯ জুনঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ ধাৰাবাহিকভাৱে হ্রাস পাই অহাৰ সময়তে দ্বিতীয় ঢ়ৌতে বৃহৎসংখ্যক শিশু–কিশোৰ আক্রান্ত হোৱাৰ তথ্যই উদ্বিগ্ণ কৰি তুলিছে সমগ্র ৰাজ্যবাসীক৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা ১ এপ্রিলৰ পৰা বর্তমানলৈ অর্থাৎ প্রায় তিনি মাহৰ এই সময়ছোৱাত ৰাজ্যত মুঠ ৩৪,৬০৬জন শিশু–কিশোৰ ক’ভিডত আক্রান্ত হৈছে৷ এই আক্রান্ত শিশু–কিশোৰসকলৰ বয়স ০–১৮ বছৰ বয়সৰ৷ আক্রান্তসকলৰ ভিতৰত ৫,৭৫৫জন ৫ বছৰ বয়স অনূর্ধ্বৰ৷ আন ২৮,৮৫১জন ৬ৰ পৰা ১৮ বছৰ বয়সৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে প্রকাশ কৰা অনুসৰি ক’ভিডৰ দ্বিতীয় ঢ়ৌত আক্রান্ত হোৱাৰ শিশু–কিশোৰৰ ভিতৰত সর্বাধিক কামৰূপ মহানগৰ জিলাৰ৷ এই তিনি মাহত কামৰূপ মহানগৰ জিলাৰ মুঠ ৫,৩৪৬জন শিশু–কিশোৰ ক’ভিডত আক্রান্ত হৈছে৷
জিলাখনৰ মুঠ ক’ভিড আক্রান্তৰ এয়া ১০.০৪ শতাংশ৷ কামৰূপ মহানগৰৰ পাছতে শিশু আৰু কিশোৰৰ ক’ভিড আক্রান্তৰ সংখ্যাৰে দ্বিতীয় স্থানত আছে ডিব্রুগড় জিলা৷ এই জিলাখনত মুঠ ২,৪৩০জন শিশু–কিশোৰ ক’ভিডত আক্রান্ত হৈছে৷ জিলাখনৰ মুঠ আক্রান্তৰ এয়া ১২.১৯ শতাংশ৷ তদুপৰি নগাঁৱত ২,২৮৮জন, কামৰূপত ২,০২৩জন আৰু শোণিতপুৰত ১,৮৩৯জন শিশু–কিশোৰ ক’ভিডত আক্রান্ত হৈছে৷ অৱশ্যে আন জিলাসমূহত শিশু–কিশোৰ ক’ভিডত আক্রান্ত হোৱাৰ সংখ্যা যথেষ্ট কম৷ যোৱা ১ এপ্রিলৰ পৰা ২৬ জুন পর্যন্ত ৰাজ্যত আক্রান্ত শিশু–কিশোৰৰ ভিতৰত ৩৪জনৰ মৃত্যু ঘটিছে৷ বিভিন্ন গুৰুতৰ ৰোগত আক্রান্ত হৈ থকা শিশুহে ক’ভিডত মৃত্যু হৈছে বুলিও সদৰী কৰিছে ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে৷
ইপিনে, ৰাজ্যত ক্রমাগতভাৱে শিশু আৰু কিশোৰ ক’ভিড আক্রান্ত হোৱাৰ কাৰণ ব্যাখ্যা কৰি ৰাষ্ট্রীয় অভিযানে এক বিবৃতিত উল্লেখ্য কৰিছে যে ক’ভিড পজিটিভ পিতৃ–মাতৃ হোম আইছ’লেচনত থকাৰ বাবে সন্তান ক’ভিড পজিটিভ হোৱাৰ মাত্রা বৃদ্ধি পাইছে৷ সেয়েহে ক’ভিডত আক্রান্ত হ’লে গ্রামাঞ্চল বা চহৰৰ ব্যক্তিসকলক হোম আইছ’লেচনৰ পৰিৱর্তে হাস্পতাল অথবা ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি হ’বলৈ আহ্বান জনাইছে ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে৷ সমান্তৰালভাৱে চৰকাৰে জাৰি কৰা ক’ভিড সম্পর্কীয় নীতি–নির্দেশনা পালন কৰিবলৈও ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে অনুৰোধ জনাইছে৷ ইয়াৰ মাজতে শিশু আৰু কিশোৰ অধিক হাৰত আক্রান্ত হ’লে চিকিৎসাৰ বাবে সম্পূর্ণ সাজু হৈ উঠিছে ৰাজ্য চৰকাৰ৷ সকলো মেডিকেল কলেজ আৰু জিলা হাস্পতালসমূহত শিশু–কিশোৰৰ বাবে আই চি ইউ নির্মাণৰ কাম দ্রুতগতিৰে অব্যাহত ৰখা হৈছে৷ ৫ হাজাৰতকৈ অধিক স্বাস্থ্যকর্মীক ইতিমধ্যে প্রদান কৰা হৈছে প্রশিক্ষণ৷
ইফালে সোমবাৰে নগাঁও জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে জিলা উপায়ুক্তৰ সভাকক্ষত শেহতীয়া ক’ভিড পৰিস্থিতি পর্যালোচনা কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ শিশু–কিশোৰ শেহতীয়াকৈ ক’ভিডত আক্রান্ত হোৱাৰ সংখ্যা বৃদ্ধি পোৱা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ক’ভিডত আক্রান্ত শিশুৰ চিকিৎসাৰ বাবে চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ প্রতিখন মেডিকেল কলেজত শিশুৰ বাবে আই চি ইউ নির্মাণ কৰা হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশু–কিশোৰৰ বাবে ৩০০খন অতিৰিক্ত বিছনা সাজু কৰি তোলা হৈছে৷ য’ত অক্সিজেন আৰু আই চি ইউৰ সুবিধা থাকিব৷ প্রতিখন অসামৰিক চিকিৎসালয়ত ক’ভিড আক্রান্ত শিশুৰ চিকিৎসাৰ বাবে অক্সিজেনকে ধৰি সকলো ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘বর্তমানলৈকে নগাঁও জিলাত ১,৯৬১ শিশু ক’ভিডত আক্রান্ত হৈছে৷ বর্তমান ২৮৪জন চিকিৎসাধীন৷ ইয়াৰ ভিতৰত ৬১গৰাকী ৬ বছৰৰ তলৰ শিশু৷
আনহাতে, এবছৰৰ তলৰ বয়সৰ শিশু আঠগৰাকী চিকিৎসাধীন হৈ আছে৷ ক’ভিডত আক্রান্ত অধিক শিশুৱে সুস্থ হৈ ঘৰলৈ উভতিছে৷ ক’ভিডৰ প্রথম লহৰত ১২ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত শিশু–কিশোৰৰ আক্রান্তৰ হাৰ ৮ শতাংশ আছিল৷ দ্বিতীয় লহৰত এই বয়সৰ আক্রান্তৰ হাৰ হৈছে ১২ শতাংশ৷’ ইফালে নগাঁৱত আৰ টি পি চি আৰ পৰীক্ষাগাৰৰ কাম আৰম্ভ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে অহা দহ–পোন্ধৰ দিনৰ ভিতৰতে ক’ভিডৰ নমুনা পৰীক্ষা কৰাৰ কাম আৰম্ভ হ’ব৷ কণ্টেইনমেণ্ট জ’নৰ ক্ষেত্রত চৰকাৰ কঠোৰ হৈছে৷ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা অঞ্চলসমূহত এদিন বা দুদিনৰ পাছত ক’ভিড পৰীক্ষা কৰা হ’ব৷ ক’ভিড পজিটিভ ৰোগীক চিকিৎসালয়ত ভর্তি কৰা হ’ব আৰু আন লোকসকলক ভেকচিন প্রদান কৰা হ’ব৷ নগাঁও জিলাত সম্প্রতি ৩৬টা কণ্টেইনমেণ্ট জ’ন সক্রিয় হৈ আছে৷
ক’ভিডৰ তৃতীয় লহৰৰ প্রভাৱ অসমত পৰিব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰ স্বাস্থ্যমন্ত্রী মহন্তই পুনৰ কয়– ‘আমি বর্তমান তেনে কোনো খবৰ লাভ কৰা নাই, বিগত বর্ষৰ মার্চ মাহৰ পৰা ক’ভিডৰ প্রথম লহৰ আৰম্ভ হৈছিল৷ শেহতীয়াকৈ যোৱা এপ্রিলৰ পৰা দ্বিতীয় লহৰ আৰম্ভ হৈছে৷ আমি পর্যবেক্ষণ কৰি দেখিছোঁ যে কোনো ধৰণৰ বেলেগ লক্ষণ ক’ভিড আক্রান্তৰ শৰীৰত ধৰা পৰা নাই, সেয়েহে চিন্তিত হোৱাৰ কোনো কাৰণ নাই৷ ক’ভিড প্রতিৰোধৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ক’ভিডৰ বিৰুদ্ধে মোকাবিলা কৰাৰ ক্ষেত্রত আমাৰ ৰাজ্যখন দেশৰ ভিতৰতে আগস্থানত আছে৷’ চিকিৎসক, চিকিৎসা কর্মী, জিলা প্রশাসনৰ বাবে ক’ভিড পৰাজিত কৰাৰ ক্ষেত্রত সফলতা লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷ লক্ষণীয় যে মন্ত্রী কেশৱ মহন্তই নগাঁও চহৰৰ সমীপৰ ম’হখুলিত নির্মাণ কৰি থকা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ তেওঁ প্রকাশ কৰা অনুসৰি চিকিৎসা মহাবিদ্যালয়খনৰ ৬৮ শতাংশ কাম ইতিমধ্যে সম্পূর্ণ হৈছে৷ ৬৩ শতাংশ ধন ইতিমধ্যে ঠিকাদাৰক মোকলাই দিয়া হৈছে৷ সম্প্রতি প্রশাসনিক ভৱন, ছাত্র–ছাত্রীৰ আৱাস, কলেজ ভৱন, চিকিৎসালয় আদিৰ নির্মাণৰ কাম চলি আছে৷ কলেজৰ নলা–নর্দমাৰ ব্যৱস্থাকে ধৰি আনুষংগিক কাম সম্পূর্ণ কৰিবলৈ লোকনির্মাণ বিভাগক নির্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে অহা ডিচেম্বৰ মাহৰ ভিতৰত এই চিকিৎসা মহাবিদ্যালয় নির্মাণৰ কাম সম্পূর্ণ হ’ব৷ অহা শিক্ষাবর্ষৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত পাঠ্যক্রম আৰম্ভ হ’ব বুলিও তেওঁ প্রকাশ কৰে৷
কমলপুৰত আক্রান্ত শিশু
কমলপুৰত শিশুৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি৷ বিগত দহ দিনত অঞ্চলটোৰ মুঠ ১৩জন শিশু–কিশোৰ আক্রান্ত হৈছে ক’ভিডত৷ কমলপুৰত ১৮ জুনৰ পৰা কালি পর্যন্ত মুঠ ক’ভিড আক্রান্ত লোকৰ সংখ্যা হৈছে ৮৬জন৷