বিশেষ বাৰ্তা, ৩ আগষ্টঃ অলপতে হাতীগাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। উক্ত হত্যাকাণ্ডত নিহত হৈছিল জাভেদ আলী নামৰ লোকজনৰ। উক্ত হত্যাকাণ্ডৰে জড়িত ৩ ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। বৰপেটা আৰক্ষীৰ সহযোগত হাতীগাঁও আৰক্ষীয়ে আটক কৰে তিনিওজন ব্যক্তিক। বাঘবৰ আগমন্দিয়াৰ পৰা এজন আৰু ভাতকুছিৰ পৰা দুজনক আটক হাতীগাঁও আৰক্ষীৰ। হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত যোৱা মহানগৰ আৰক্ষীৰ দলে আটক কৰে তিনিওজনক। ইতিমধ্যে নিশাই বৰপেটা সদৰ থানাৰ পৰা তিনিওজনক লৈ অহা হয় গুৱাহাটীলৈ। নিশাটো ৪ৰ্থ APBNত ৰখা হয় তিনিও অভিযুক্তক। অৱশ্যে এই তিনিওগৰাকী জাবেদ আলী হত্যাকাণ্ডৰ লগত জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তত উন্মোচিত হব। ইফালে নিশা ৩ বজাত হাতীগাঁও থানাত উপস্থিত হয় ডিচিপি এলিনা তেৰণপী। কিছু সময় থানাত থকা পাছত পুনৰ ওলাই যায় ডিচিপিগৰাকী। ইফালে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত জাবেদ আলীক হত্যা কৰা হৈছিল নেকি সেই দিশতো তদন্ত চলাই আছে আৰক্ষীয়ে। কিয়নো জাবেদ আলীৰ বৰপেটা চহৰত থকা মাটি-সম্পত্তিৰ বাবে পৰিয়ালকেন্দ্ৰিক সংঘাত থকাৰ কিছু তথ্যও আৰক্ষীয়ে লাভ কৰিছিল। চুপাৰি কিলাৰ ব্যৱহাৰ কৰা হৈছে নেকি এই হত্যাকাণ্ডত সেই দিশটোও তদন্তৰ আওতাত আছে। অৱশ্যে আটকাধীন তিনিওজন ব্যক্তিক সোধাপোছাৰ অন্তত স্পষ্ট হব সকলো কথা ।