কাৰ্বি আংলং আৰক্ষীৰ অভিযানত আটক ৩ গড় চিকাৰী; AK 81 ৰাইফল জব্দ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য। আজি কেইবাহমাহ ধৰি অভিযান চলাই থকা কাজিৰঙাত ৫ টা গড় হত্যাত জড়িত মণিপুৰ চুৰাচান্দপুৰৰ ৩ গৰাকী দুৰ্ধষ চিকাৰীক কালি নিশা কাৰবি আংলং আৰক্ষীয়ে কাজিৰঙাৰ কাষৰ পাহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, আটকাধীন চোৰাং চিকাৰী কেইটাৰ পৰা এটা AK 81 ৰাইফলো জব্দ কৰে আৰক্ষীয়ে ৷ কিছুদিন পূৰ্বে এই দলটোৰে এজনৰ বনৰক্ষীৰ লগত হোৱা সংঘৰ্ষত কাৰবি আংলং জিলাৰ ৰঙাপাহাৰত ধনশিৰি সংৰক্ষিত বনাঞ্চলত মৃত্যু হৈছিল ৷

এই অভিযানটোৰ নেতৃত্বত আছিল কাৰ্বি আংলং আৰক্ষীৰ Dy Sp নাহিদ আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস। অনাগত সময়ত আৰু বহু গড় চিকাৰী আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে৷