নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙৰ উৎসৱ ফাকুৱা : হোলীৰ সামগ্রী বিচাৰি বজাৰে বজাৰে গ্রাহক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ হোলীৰ প্রাক্ক্ষণত মহানগৰীৰ বিভিন্ন প্রান্তৰ সমান্তৰালভাৱে ফাঁচীবজাৰত ওলাহছে বিভিন্ন সামগ্রী৷ এইবাৰ গ্রাহকক আকর্ষিত কৰিবলৈ ফাঁচীবজাৰত ওলাইছে কলকাতাৰ মোদী মাস্ক৷ দেশৰ প্রধানমন্ত্রীগৰাকীৰ অবিকল মাস্ক ফাঁচীবজাৰত বিক্রী হৈছে ৫০ৰ পৰা ১০০ টকা দামত৷ তদুপৰি, হোলী উপলক্ষে ফাঁচীবজাৰত একাংশ ব্যৱসায়ীয়ে শিশুৰ বাবে আনিছে বিভিন্ন সামগ্রী৷ পুতলা পিষ্টল ফিচকাৰীৰ পৰা আৰম্ভ কৰি একাংশ ব্যৱসায়ীয়ে আনিছে কালাৰ বেলুন ফিচকাৰী৷ যি ফিচকাৰী বিক্রী হৈছে ৫০ টকাৰ পৰা ১৫০ টকা দামত৷ একাদৰে কালাৰ ড্রেংক, ৰাজস্থানী টুপীয়েও দখল কৰিছে হোলীৰ বজাৰ৷ ৰাজস্থানী টুপী বিক্রী হৈছে ৫০ টকা দৰত৷ মন কৰিবলগীয়া যে এহবাৰ হোলী মহানগৰবাসীয়ে যাতে প্রাকৃতিক সামগ্রীৰে ব্যৱহাৰ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি একাংশ ব্যৱসায়ীয়ে বজাৰত উলিয়াইছে হার্বেল যুক্ত হোলী৷ সৰু, ডাঙৰ পেকেটত উপলব্ধ এই ৰঙৰ সৰু পেকেট বিক্রী হৈছে ৩০ৰ পৰা ৫০–৬০ টকা দৰদ৷ মুঠতে হোলী উপলক্ষে মহানগৰীৰ ফাঁচীবজাৰত এতিয়া খদম্দম্ পৰিৱেশ৷ ৰঙৰ উৎসৱে সকলোৰে মন–প্রাণ ৰঙীন কৰি তুলিব পাৰে সেহ উদ্দেশ্যৰে একাংশ মহানগৰবাসীয়ে ক্রয় কৰিছে হোলীৰ সামগ্রী৷

You might also like