নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত ৩০খন বিছনাযুক্ত আদৰ্শ চিকিৎসালয় উদ্বোধন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ উত্তৰ পশ্চিম দিশত অৱস্থিত বৃহত্তৰ মিছামাৰী অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল। দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ কাৰণে গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ নামৰ এটা চিকিৎসালয় স্থাপিত হৈছিল আৰু পৰৱৰ্তীকালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনত অঞ্চলটোৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ কাষৰীয়া দীঘলজুলিত শ্বহীদ মঙ্গল কুৰ্কু নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপিত হয়৷ দুখনকৈ চিকিৎসালয় থকাৰ পাছতো অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ অভাৱ অনুভৱ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তদানীন্তন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই ২০১৯ চনত শাসনাধিষ্ঠিত দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰচাৰ সভাত বৃহত্তৰ অঞ্চলটোক সামৰি এটা আদৰ্শ চিকিৎসালয় স্থাপনৰ ঘোষণা কৰাৰ লগতে আধাৰশিলা পৰ্যন্ত কৰি থৈ গৈছিল৷ গৰুবন্ধা আদৰ্শ চিকিৎসালয় নামৰ চিকিৎসালয় খনৰ নিৰ্মাণ কাৰণে কিছুদিনৰ পাছতে ধন আবণ্টিত হয় আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হয়৷ উল্লেখ্য ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ আবণ্টিত ধনেৰে গৰুবন্ধা আদৰ্শ চিকিৎসালয় খন ২০২২ চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়৷ ঠিকাদাৰৰ দ্বাৰা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পাছত বিগত দুটা বছৰে চিকিৎসালয় খনৰ চৌদিশে বনৰীয়া বন জংঘল আবৰি এক প্ৰকাৰে ভূত বঙলা সদৃশ হৈ পৰিছিল ৷ কেইবা কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা গৰুবন্ধা আদৰ্শ চিকিৎসালয় উদ্বোধন হোৱাত অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনৰ স্বস্তিৰ নিশ্বাস দূৰ হয়৷ ৩০খন বিছনা যুক্ত গৰুবন্ধা আদৰ্শ চিকিৎসালয়খন মুকলি কৰে মন্ত্ৰী অশোক সিংহলে ৷ মন্ত্ৰী অশোক সিংহলে প্ৰথমে মাঙ্গলিক কাৰ্যসূচী ৰূপায়ণ কৰে আৰু পাছত ক্ৰমে ফলক উন্মোচন আৰু ৰঙা ফিতা কাটি গৰুবন্ধা আদৰ্শ চিকিৎসালয় শুভ উন্মোচন কৰে ৷ মন্ত্ৰীগৰাকীক উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা সময়ত তেওঁক সহযোগিতা আগবঢ়াই বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, শোণিতপুৰ জিলা আয়ুক্ত অংকৰ ভৰালী, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, এন এইচ এম ৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰূপক বৰুৱা, গৰুবন্ধা আদৰ্শ চিকিৎসালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰথীন্দ্ৰ দে আদি বিশিষ্ট ব্যক্তি সকলে৷ ইয়াৰ পাছতে অনুষ্ঠিত উদ্বোধনী সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ৰাইজক উদ্দেশ্য প্ৰদান কৰা ভাষণত কয়, বৃহত্তৰ মিছামাৰী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা এটা আজি পূৰণ হ’ল৷ এতিয়া ৰাইজৰ ওপৰত অনুষ্ঠানটো এৰিলোঁ, গৰুবন্ধা আদৰ্শ চিকিৎসালয় খন সুন্দৰ ভাৱে পৰিচালনা কৰাৰ আশা প্ৰকাশ কৰে৷ চিকিৎসালয়খন আৰম্ভ হোৱাৰ পাছত চিকিৎসক, স্বাস্থ্যকৰ্মী, কৰ্মচাৰীসকলক যাতে ভাল ব্যৱহাৰ কৰে আৰু তেওঁলোকে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক ভালদৰে চিকিৎসা সেৱা আগবঢ়োৱাৰ সুবিধা কৰি দিয়ে সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়৷ ইয়াৰ উপৰি তেওঁ উপস্থিত ৰাইজক আশ্বাস প্ৰদান কৰে অহা মাৰ্চ মাহৰ ভিতৰত আদৰ্শ চিকিৎসালয়খনত চিকিৎসক, স্বাস্থ্যকৰ্মী, কৰ্মচাৰীকে আদি কৰি আনুসাংগিক ব্যৱস্থা গ্ৰহণ কৰিব৷

প্ৰেৰক বগা তপ্ন

You might also like