নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ৩০ কোটি ব্যয়েৰে পকীপথ-মথাউৰি নিৰ্মাণ-উন্নীতকৰণ আঁচনিৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : ঢকুৱাখনা বিধাসভা সমষ্টিত যাতায়াতৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি ৪২নং ৰাজ্যিক ঘাইপথৰ জামুগুৰি চাৰিআলিৰ পৰা কঢ়া ঘাটলৈ ৯.৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথ তথা মথাউৰি নিৰ্মাণ আৰু উন্নীতকৰণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছতো ঢকুৱাখনা সমষ্টিৰ উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ কঢ়া নৈপৰীয়া অঞ্চলটো যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত বহু পিছপৰি আছিল। এটা জৰাজীৰ্ণ পুৰণি মথাউৰিয়েই আছিল বৃহত্তৰ জামুগুৰি, মালৌবাৰী, মহেমাৰী আদি গাঁৱৰ ৰাইজৰ যাতায়াত ব্যৱস্থা। অসম মালা আঁচনিৰ অধীনত পূৰ্বাঞ্চল চাপ্লাই এণ্ড কণ্ট্ৰেক্টৰৰ জৰিয়তে প্ৰায় ৩০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ আৰম্ভ হোৱা পথছোৱাৰ বাবে বিগত সময়ছোৱাত অঞ্চলবাসীয়ে বহুবাৰ আবেদন-নিবেদন কৰাৰ লগতে ৰাজপথত আন্দোলন-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। শেহতীয়াকৈ ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ তৎপৰতাত অসম মালা আঁচনিৰ অধীনত মথাউৰিটো দুই লেনযুক্ত পকীপথলৈ উন্নীতকৰণৰ কাম আৰম্ভ হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। আজি পকীপথ তথা মথাউৰি নিৰ্মাণ আৰু উন্নীতকৰণ আঁচনিৰ আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি জামুগুৰি ৰংগমঞ্চত এখন বৃহৎ জনসভা অনুষ্ঠিত হয়। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত শুভাৰম্ভণী অনুষ্ঠানত ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত ৭ মিটাৰ বহলকৈ নিৰ্মাণ হ’বলগীয়া পথ-মথাউৰিয়ে সমগ্ৰ অঞ্চলটোৰ যাতায়াতৰ ক্ষেত্ৰত সুচল হোৱাৰ লগতে দীৰ্ঘদিনৰ সমস্যাৰ অৱসান ঘটিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। কেইবাসহস্ৰ লোক উপস্থিত থকা সভাত বিধায়ক দলেই নিজৰ ভাষণত উল্লেখ কৰে যে এটা নিৰ্দিষ্ট অঞ্চলৰ উন্নয়ন হ’ব লাগিলে প্ৰথমতে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি বিধায়ক দলেই ঢকুৱাখনা সমষ্টিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। উল্লেখ্য যে নিৰ্মাণ আৰম্ভ হোৱা এই গুৰুত্বপূৰ্ণ পথটোৱে ঢকুৱাখনা নগৰৰ যান-জঁট নিয়ন্ত্ৰণ কৰি বাইপাছৰ ভূমিকা পালন কৰিব। শুভাৰম্ভণী অনুষ্ঠানত ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কলিতা, ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দণ্ডিনাথ মিলি ,সহকাৰী অভিযন্তা সুবিৰ কৰ্মকাৰ, জিলা বিজেপিৰ সভাপতি প্রদীপ চমুৱা, জ্যেষ্ঠ বিজেপি নেতা যতীন বৰুৱা, লক্ষেশ্বৰ সোণোৱাল, বসন্ত শইকীয়া, জ্যেষ্ঠ অগপ নেতা দুলাল দত্ত, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসকে প্ৰমুখ্য কৰি বহুসংখ্যক বিজেপি দলৰ নেতা-কৰ্মী উপস্থিত থাকে।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like