নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ৩০ প্ৰাক্তন আলফাৰ সপোন : ২০০০ বিঘা ভূমিত কৃষি বিপ্লৱ

প্ৰাঞ্জল খাউণ্ডৰ প্ৰতিবেদনঃ এটা সপোনৰ পম খেদি ৮০ দশকত ঘৰবাৰী এৰি স্বাধীন অসমৰ মানসিকতা বুকুত সাবটি উলাই গৈছিল তেওঁলোক৷ হাবিয়ে-জংঘলে ঘুৰি বন্দুকৰ শব্দবোৰত আপোন পাহৰা হৈ পৰা মাজুলীৰ একাংশ চফল যুৱকে সেই সময়তেই স্বাধীন অসমৰ নামত প্ৰাণ হেৰুৱাইছিল৷ অপৈণত সপোন এটা দেখি ঘৰৰ সকলোকে এৰিথৈ যোৱা এই যুৱক সকলৰ সৰহসংখ্যকেই ক্ৰমেক্ৰমে যেন বুজিছিল, উপলব্ধি কৰিছিল এই পথ ইমান স্বৰ্গস্পৰ্শী নহয়৷ সপোনবোৰ পুৰি চাৰখাৰ হৈছিল, কলৈ যাম, কি কৰিম এই মানসিকতাৰে নিশাবোৰ উদযাপন কৰা এই যুৱক সকলে এদিন নিৰৱে-নিতালে হুমুনিয়াহ কাঢ়ি ঘৰলৈ ঘুৰি অহাৰ সিদ্ধান্ত লৈছিল৷ ১৯৯২ চনৰ পৰা ২০০৪ চনৰ ভিতৰত স্বাধীন অসমৰ সপোন এৰি মূলসুঁতিলৈ ঘুৰি অহা মাজুলীৰ এইসকল স্বাধীনতাৰ যুজাৰু এতিয়া ভাগৰুৱা ৷ ভাগি যোৱা সপোন, ভাগি পৰা দেহ-মন, ভাগি যোৱা জীৱনৰ বঠা মাৰি নাঁওখন আগুৱাই নিয়াৰ পথত নিঠৰুৱা সময়বোৰৰ বাবে বহুজনে অকাল মৃত্যুক সাৱটিব লগা হল ৷ আনফালে কোনোবা জনে সৰুসুৰা ব্যৱসায়, কোনোবা জনে কৃষি কৰ্ম, সৰু সুৰা ঠিকাঠুকুলি কৰি পৰিয়ালটো পোহপাল দি অহাৰ সময়তে মাজুলীৰ বৰ্তমানৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ সৈতে মাজুলীৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ একাংশ সতীৰ্থই মাজুলীৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ সৈতে বহি মনৰ দুখবোৰ, পৰিয়াল চলাবলৈ হোৱা সমস্যা বোৰ আৰু কৰ্মমূখী ধাৰনাৰ ওপৰত আলোচনা কৰিলে৷ বহু আলোচনা পৰ্যালোচনাৰ পিছত প্ৰাক্তন আলফাৰ মাজুলীৰ দলটোক কৃষিকৰ্মত মনোনিৱেশ কৰিবলৈ উজনি মাজুলীৰ ‘কাৰ্গীল চাপৰি’ৰ প্ৰায় ২০০০ বিঘা ভুমিত আৰম্ভ কৰিলে সোণসেৰীয়া ফচল৷ মাজুলীৰ পৰা অৱসৰ গ্ৰহণ কৰা জিলা কৃষি বিষয়া ইৰছাদ আলি, কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ড° ইমৰান আলিক পৰাৰ্মশ দাতা হিচাপে লৈ প্ৰথম বছৰলৈ বুলি এই বৰ্ষত প্ৰায় ৩০০ বিঘা ভূমিত সৰিয়হ, প্ৰায় ১০ বিঘা ভূমিত ভূত জলকীয়া, প্ৰায় ১০ বিঘা ভূমিত টিয়হ, প্ৰায় ১০ বিঘাত উন্নত প্ৰজাতিৰ আলু, ৫ বিঘা ভূমিত নহৰু, প্ৰায় ১৫ বিঘা ভূমিত মাটি কেৰেলা, ৫ বিঘাত মচুৰ, ৫ বিঘাত ৰঙলাও, ৫ বিঘাত পিয়াজ কৰাৰ লগতে বৰ্তমান প্ৰায় ৭ বিঘা ভূমিত তৰমুজ ৰ খেতি কৰিবলৈ মাটি চহায় থকাৰ লগতে বিভিন্ন ৰবি শস্যৰ বাবে ভূমি মুকলাই তুলা হৈছে ৷ প্ৰকৃতি ৰোষ্ট নহলে বিশেষকৈ সৰিয়হ আৰু ভূত জলকীয়াৰ পৰা এই বৰ্ষত প্ৰায় ২৮ লাখ টকা উপাৰ্জনৰ লক্ষ্য স্থিৰ কৰিছে ৷ সমগ্ৰ মাজুলীত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ নপুৰণি সহ প্ৰায় ৪৫ জন মান আছে যদিওঁ বৰ্তমান এই কৃষিক্ষেত্ৰত ৰিতু বৰা, টুটু বৰা, ৰঞ্জিত শইকীয়া, তলোক্য কলিতা, দুলাল নাথ, যদুমনি শইকীয়া, বিপিন দাস, ৰবিন বৰা, নৰনাথ কুলি, নিৰঞ্জন দাস, ৰঞ্জিত নাথ, ৰাতুল বৰা, দুলু সিং ৰাজপুত, চুনু দাস, নাৰায়ণ সিং ৰাজপুত, ধৰনী নাথ, বাবুল নাথকে ধৰি প্ৰায় ৩০ জন প্ৰাক্তন আলফাই কাৰ্গীল চাপৰিত দেখিছে ভৱিষ্যতৰ সপোন৷ কাৰ্গীল চাপৰিৰ কৃষি ক্ষেত্ৰখন গঢ়ি তুলাৰ ক্ষেত্ৰত মাজুলীত থকা দুই/এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে চি এচ আৰ ফাণ্ডৰ জড়িয়তে সহায় কৰিছে বুলি জানিব পৰা গৈছে ৷ ভূমিৰ পৰা ভূমাস্পৰ্শী মানসিকতাৰে ব্ৰহ্মপুত্ৰৰ বলুকাত এতিয়া সেউজ বিপ্লব কৰা প্ৰাক্তন আলফা সকলক উৎসাহিত কৰিবলৈ প্ৰাক্তন আলফা নেতা জতিন দত্তই এই কৃষি ক্ষেত্ৰ ভ্ৰমণ কৰি মাজুলীৰ উপায়ুক্ত আৰু মাজুলীৰ কৃষি ভিভাগে মাজুলীৰ নিঠৰুৱা প্ৰাক্তন আলফা সকলক কৰা সহায়ৰ বাবে ধন্যবাদ জনাই ৷ ‘পথাৰ আমাৰ বজাৰ আমাৰ’ ধাৰনাৰে পুৱাৰ পৰা সন্ধিয়ালৈকে এক সেউজীয়া সপোন বাস্তৱ কৰাৰ হাবিয়াসত ব্যস্ত থকা এইসকল প্ৰাক্তন আলফাৰ কৰ্মৰাজিয়ে উৎসাহিত তথা প্ৰেৰণা দিব মাজুলীৰ নিবনুৱাসকলকো ৷

You might also like