নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ৩০টাকৈ বাসগৃহ

বিশেষ বাৰ্তা, ২৩ অক্টোবৰঃ ডিব্ৰুগড় চহৰত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। চহৰখনৰ উত্তৰ আমোলাপট্টিৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত অগ্নিকাণ্ডটোত জাহ গ’ল ৩০টাকৈ বাসগৃহ। অশোক নামৰ ব্যক্তিজনৰ মালিকনাধীন ভাড়াঘৰত অগ্নিকাণ্ডটো সংঘটিত হয়। ইফালে ঘটনাৰ লগে লগে স্থানীয় লোকে অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনীৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইফালে স্থানীয় লোকে জানিবলৈ দিয়ামতে, শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডটো। ইফালে দাউদাউকৈ জ্বলি উঠা অগ্নিকাণ্ডটোৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটিছে। আনহাতে এই ঘটনাত কোনো এজন লোকৰ হতাহত হোৱাৰ খবৰ লাভ কৰা নাই। কিন্তু অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like