কাছাৰৰ ভাৰত-বাংলাত ৩০ অবৈধ বাংলাদেশী আটক স্থানীয় লোকৰ
নিউজ ডেস্ক, ২৮ মে’ : নিশা কাছাৰ জিলাৰ পশ্চিম কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ জালালপুৰ অঞ্চলত স্থানীয় লোকে ৫খন অটোৰিক্সাত যাত্ৰা কৰা প্ৰায় ৩০জন বাংলাদেশী নাগৰিকক বাধা দি আটক কৰি ৰাখিছে।
নিশা প্ৰায় ৯ বজাত অট’ত কেইবাজনো লোকৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে ৰাইজে। স্থানীয় লোকে যেতিয়া তেওঁলোকক নিজৰ পৰিচয় দিবলৈ ক’লে, তেতিয়া ব্যক্তিকেইজনে বৈধ নথি-পত্ৰ দাখিল নকৰাৰ ফলত সন্দেহৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
পুৰুষ-মহিলা, শিশুকে ধৰি এই গোটটোক লগে লগে বাসিন্দাসকলে ৰখাই দিয়ে। ইয়াৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন ব্যক্তিক জিম্মাত লয়।
আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু সীমান্ত পাৰ হোৱাৰ চেষ্টাৰ সৈতে জড়িত এজেণ্টৰ নেটৱৰ্ক বিচাৰি উলিয়াবলৈ বন্দীসকলক জেৰা অব্যাহত ৰাখিছে।
শেহতীয়াকৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক ৩০ দিনৰ ভিতৰত পৰীক্ষা আৰু চিনাক্তকৰণৰ নিৰ্দেশ দিয়াৰ সময়তে এই ঘটনা সংঘটিত হৈছে।
সূত্ৰসমূহে জনোৱা মতে, বন্দীসকলৰ অধিকাংশই বহু আগতেই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু বিভিন্ন ৰাজ্যত শ্ৰমিক হিচাপে কাম কৰি আহিছিল। কালি নিশা তেওঁলোকে এজেণ্টৰ সহায়ত জালালপুৰ সীমান্তৰে বাংলাদেশলৈ উভতি যাবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে।