দৰঙত ত্ৰিশতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টি তথা বৰ্তমানৰ দৰং- ওদালগুৰি সমষ্টিত পদত্যাগ আৰু যোগদানৰ জোঁৱাৰ উঠিছে। কালি মঙলদৈ বিধানসভা সমষ্টিৰ পূব মঙলদৈ, পশ্চিম মঙলদৈ, মঙলদৈ টাউন কমিটিৰ প্ৰায় তিনিশ কংগ্ৰেছ কৰ্মীয়ে সমুহীয়া পদত্যাগ কৰাৰ পিছত আজি সকলো পদত্যাগ কৰা কংগ্ৰেছ নেতা- কৰ্মীয়ে বিজেপিত যোগদান কৰে। জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত জিলা সভাপতি অমৰেন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত সাংসদ তথা দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই সকলোকে আদৰণি জনায়। বিজেপিত যোগদান কৰা কংগ্ৰেছ বিষয়ববীয়া আৰু কৰ্মীসকল হৈছে- পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছৰ সভাপতি বিপুল কুমাৰ ডেকা, মঙলদৈ টাউন ব্লক কংগ্ৰেছৰ সভাপতি কুমাৰ ৰাকেশ বৰুৱা, দৰং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশী, কংগ্ৰেছ নেতা ইব্ৰাহিম তালুকদাৰ, ইয়ং ব্ৰিগেডৰ সভাপতি কমৰুল ইছলাম, সাধাৰণ সম্পাদক সৰলা কলিতা, দৰং জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সদস্য দ্বীপ কিশোৰ শইকীয়া, জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ইলিয়াছ দেৱান, সাধাৰণ সম্পাদক চাহিল আলম, জ্যেষ্ঠ কংগ্ৰেছী দম্পতী সুৰেন বৰুৱা আৰু প্ৰীতিলেখা বৰুৱা ইত্যাদি। ইয়াৰ বাহিৰেও আছে মঙলদৈ সমষ্টি যুৱ কংগ্ৰেছ, মঙলদৈ কংগ্ৰেছ সেৱা দলৰ বিভিন্ন বিষয়ববীয়া,দৰং জিলা কংগ্ৰেছৰ বিভিন্ন মণ্ডলৰ সভাপতি, পঞ্চায়তৰ প্ৰাক্তন সভাপতি আদিকে ধৰি ৩০০ বিষয়ববীয়া আৰু কৰ্মী। আনহাতে দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে “ইমান সংখ্যক কংগ্ৰেছৰ সদস্যই য়োগদান কৰা নাই, সংবাদ মাধ্যমে ভুল বাতৰি পৰিৱেশন কৰিছে, কামৰ আশাত কেইজনমান সদস্যই যোগদান কৰিছে’’ বুলি দিয়া বক্তব্যৰ বিপৰীতে জিলা বিজেপিৰ সংবাদ কোষৰ চন্দন শইকীয়াই প্ৰতক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছে তৃণমূলৰ সদস্যৰ অৱদানখিনি অনুভ্ৱ কৰিব নোৱাৰাৰ বাবে কংগ্ৰেছৰ চাৰিওফালে সাংগঠনিক স্থিতি থৰকবৰক। উল্লেখযোগ্য যে মঙলদৈৰ কংগ্ৰেছী বিধায়ক বসন্ত দাসে অলপতে মুখ্যমন্ত্ৰীক পূৰ্ণ সহযোগ কৰাৰ স্থিতি প্ৰকাশ কৰাৰ পাছতে তেওঁৰেই অনুগামী বুলি পৰিচিত মঙলদৈৰ কংগ্ৰেছীসকলে এইদৰে দলেবলে বিজেপিত যোগদান কৰাটোই সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ এক বিশেষ সূত্ৰে জনামতে দৰং কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে সমাগত লোকসভা নিৰ্বাচনত বসন্ত দাসৰ কোনো সহায় নালাগে বুলি দম্ভালি মাৰি কোৱাৰ পাছতে দাসৰ ক্ষুব্ধ অনুগামীসকলে বিজেপিত যোগদান কৰে৷
প্ৰেৰক ধৰ্মেন্দ্ৰ নাৰায়ণ দেৱ