নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০ কিলোমিটাৰজোৰা যান-জঁট : ৪৮ ঘণ্টালৈকে আবদ্ধ মহাকুম্ভগামী দর্শনার্থী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পিছত এইবাৰ প্রয়াগৰাজৰ মহাকুম্ভত পৱিত্র স্নান কৰিলে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ নিশ্ছিদ্র নিৰাপত্তাৰ মাজত প্রয়াগৰাজৰ ত্রিবেণী সংগমত উপস্থিত হয় ৰাষ্ট্রপতিগৰাকী৷ ৰাষ্ট্রপতি মুর্মুৱে প্রয়াগৰাজত সংগমত উপস্থিত হোৱাৰ সময়ত তেওঁক সংগ দিয়ে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পেটেলে৷ ৰাষ্ট্রপতিৰ পুণ্যস্নানৰ এই ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ লক্ষণীয়ভাৱে প্রয়াগৰাজৰ বিমানবন্দৰত মুখ্যমন্ত্রী আৰু ৰাজ্যপালে আদৰণি জনায় ৰাষ্ট্রপতিগৰাকীক৷ ইফালে ৰাষ্ট্রপতিৰ কাষতে প্রয়াগৰাজত পুণ্যস্নান কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়েও৷ এতিয়ালৈকে ৪০ কোটিতকৈ অধিক দর্শনার্থীয়ে প্রয়াগৰাজৰ মহাকুম্ভত পৱিত্র স্নান কৰিছে৷ ইফালে মহাকুম্ভত দর্শনার্থীৰ নজিৰবিহীন ভিৰ পৰিলক্ষিত হৈছে৷ এই মহাকুম্ভৰ জনপ্রিয়তাৰ ফলত ৩০০ কিলোমিটাৰ দৈর্ঘ্যৰ যান–জঁটৰ সাক্ষী হ’ল প্রয়াগৰাজ৷ হাজাৰ হাজাৰ গাড়ী আবদ্ধ হৈ পৰে মহাকুম্ভগামী পথত৷ লক্ষণীয়ভাৱে ৪৮ ঘণ্টা ধৰি এই যান–জঁটত আবদ্ধ থাকিবলগীয়া হ’ল বহু যাত্রী৷ ইয়াৰ লগে লগে পুনৰ সমালোচনাৰ সন্মুখীন হৈছে উত্তৰ প্রদেশ চৰকাৰ৷ যান–জঁট আৰু গাড়ীৰ হর্ন তথা চিৎকাৰৰ মাজতে এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় মহাকুম্ভৰ যাত্রাপথত৷ মহাকুম্ভত কোটি কোটি মানুহৰ ভিৰ হ’ব, এই কথা জনাৰ পিছতো কিয় সেই অনুসৰি ব্যৱস্থা গ্রহণ কৰা নহ’ল বুলি সমাজবাদী পার্টীৰ নেতা অখিলেশ যাদৱে কঠোৰ সমালোচনা কৰিছে যোগী চৰকাৰক৷ ব্যৱস্থাপনাৰ ত্রুটিৰ বাবেই মহাকুম্ভগামী পথত বিশ্বৰ নজিৰবিহীন যান–জঁট সৃষ্টি হ’ল বুলিও উল্লেখ কৰে অখিলেশ যাদৱে৷ স্মর্তব্য যে ইতিমধ্যে পদপিষ্টত বহু লোকে প্রাণ হেৰুওৱা, কুম্ভমেলাত অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হোৱা আদি অপ্রীতিকৰ ঘটনাসমূহৰ বাবে উত্তৰ প্রদেশ চৰকাৰক বিভিন্ন মহলে সমালোচনা কৰিছে৷ এইবাৰ নজিৰবিহীন যান–জঁটৰ বাবে অস্বস্তিত পৰিল যোগী আদিত্যনাথ চৰকাৰ৷ ধাৰণা কৰা হৈছিল যে বসন্ত পঞ্চমীৰ অমৃত স্নানৰ পিছত মহাকুম্ভত ভিৰ কমিব৷ কিন্তু ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গ’ল৷ লাখ লাখ দর্শনার্থীয়ে নতুনকৈ কুম্ভমেলালৈ ৰে’ল, বাছ আৰু বিমানেৰে যাত্রা কৰিছে৷ ইয়াৰ ফলত নজিৰবিহীন যান–জঁটৰ সাক্ষী হয় উত্তৰ প্রদেশ৷ দীঘলীয়া শাৰীৰ সৰু–বৰ যাত্রীবাহী গাড়ীৰ লগতে দেখিবলৈ পোৱা গ’ল অন্য সৰবৰাহকাৰী ট্রাক আদিও৷ আনকি বহু এম্বুলেঞ্চো দীর্ঘ সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হ’ল ভয়ংকৰ যান–জঁটত৷ ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰাৰ পিছত বহুতেই বাধ্য হৈ ওভতনি যাত্রা আৰম্ভ কৰিবলগীয়া হৈছে৷ কর্তব্যৰত আৰক্ষীয়ে হাতযোৰ কৰি বহু লোকক উভতি যাবলৈ অনুনয় বিনয় কৰা দেখিবলৈ পোৱা গৈছে৷ এনে যান–জঁটৰ সময়তে বিভিন্ন জিলাত নির্দেশ পঠিয়াই আৰক্ষীয়ে প্রয়াগৰাজলৈ আহি থকা বাহনবোৰক আদবাটতে আবদ্ধ কৰে৷ আনকি প্রতিবেশী ৰাজ্য মধ্যপ্রদেশলৈও এই নির্দেশনা প্রেৰণ কৰা হয়৷ ভিন্ন গাড়ীয়ে যাতে অধিক যান–জঁটৰ সৃষ্টি কৰিব নোৱাৰে সেই বিষয়টোত বিশেষ গুৰুত্ব প্রদান কৰা হয়৷ ইয়াৰ পিছতো ৩০০ কিলোমিটাৰ দৈর্ঘ্যৰ যান–জঁট দেখিবলৈ পোৱা গ’ল ৰাজ্যখনত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি যান–জঁটত আবদ্ধ দর্শনার্থীসকলে ৮–১২ ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছে৷ বিভিন্নজনৰ বক্তব্যত শুনিবলৈ পোৱা গৈছে যে বিশ্বৰ ভিতৰতে বিশাল যান–জঁটৰ সৃষ্টি হৈছে প্রয়াগৰাজত৷ ভয়ংকৰ যান–জঁটত আবদ্ধ হোৱা এগৰাকী ভুক্তভোগীয়ে উল্লেখ কৰা অনুসৰি ৪৮ ঘণ্টা ধৰি আবদ্ধ হ’বলগীয়া হৈছে এই ভিৰত৷ ৫০ কিলোমিটাৰ পথ অতিক্রম কৰিবলৈ সময় লাগিছে ১২ ঘণ্টা৷ প্রয়াগৰাজমুখী পথত সৃষ্টি হোৱা যান–জঁটৰ ফলত বাৰানসী, লক্ষ্ণৌ আৰু কাণপুৰো স্তব্ধ হৈ পৰিছে৷ এনে পৰিস্থিতিত প্রয়াগৰাজৰ সংগম ষ্টেচন বন্ধ কৰি দিয়া হৈছে৷ অর্থাৎ ৰে’লযাত্রীসকলক ষ্টেচনতে ৰখাৰ সিদ্ধান্ত লৈছে প্রশাসনে৷ এনে পৰিস্থিতিৰ মাজতে অখিলেশ যাদৱে দাবী কৰিছে যে যান–জঁটত আবদ্ধ হৈ পৰা ক্ষুধার্ত, তৃষ্ণার্ত, ক্লান্ত তীর্থযাত্রীসকলক মানৱীয় দৃষ্টিভংগীৰে চৰকাৰে খাদ্য, খোৱাপানী তথা অন্যান্য সামগ্রী আগবঢ়াব লাগে৷

You might also like